সদৌ অসম ৱশ্ব’ চেম্পিয়নশ্বিপৰ ৮৫ কেজি শাখাত শ্বাকিল ইনজামৰ সোণৰ পদক অৰ্জন…

সদৌ অসম ৱশ্ব’ চেম্পিয়নশ্বিপৰ ৮৫ কেজি শাখাত শ্বাকিল ইনজামৰ সোণৰ পদক অৰ্জন…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ১৮ জুলাইৰ পৰা কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ২৩ সংখ্যক ৱশ্ব' চেম্পিয়নশ্বিপ। অসম অলিম্পিক এছ'চিয়েশ্যন আৰু সদৌ ভাৰত ৱশ্ব' এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই ৱশ্ব' চেম্পিয়নশ্বিপ।

এই চেম্পিয়নশ্বিপৰ ৮৫ কেজিৰ শাখাত শ্বাকিল ইনজামে সোণৰ পদক লাভ কৰে। শ্বাকিল ইনজামে পূৰ্বৰ চেম্পিয়ন ডেভিদ বড়োক পৰাস্ত কৰি বিজয়ৰ মুকুটৰূপে সোণৰ পদক লাভ কৰে।

উল্লেখ্য যে, চীনা শৰীৰ কলাৰ এগৰাকী বিশেষজ্ঞ তথা ছেন টাই চি একাডেমীৰ সঞ্চালক শ্বাকিল ইনজাম বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন আৰু লেখিকা চবেৰা বেগমৰ সন্তান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in