সুধাকন্ঠক স্মৰণঃ মানৱ শৃংখলৰে কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন…

সুধাকন্ঠক স্মৰণঃ মানৱ শৃংখলৰে কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ যোৱা মঙলবাৰে সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ অষ্ঠম মৃত্যু বাৰ্ষিকী ৰাজ্যজুৰি উদযাপন কৰাৰ সমান্তৰালভাৱে কোকৰাঝাৰতো উদযাপিত হয় সুধাকণ্ঠ দিৱস । কোকৰাঝাৰৰ ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে পুৱা ড° ভূপেন হাজৰিকাৰ অষ্ঠম মৃত্যু বাৰ্ষিকী উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষকবৃন্দই ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলী নিৱেদনেৰে শ্ৰদ্ধাৰ্ঘ নিৱেদন কৰে ।

ইয়াৰোপৰি বিদ্যালয়ৰ সমুহ ছাত্ৰী ছাত্ৰীয়ে মানৱ শৃংখলেৰে সজ্জিত হৈ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত " মানুহে মানুহৰ বাবে…" পৰিৱেশন কৰে । সুধাকণ্ঠ দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে গীত-নৃত্যও পৰিৱেশন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in