কোকৰাঝাৰৰ ছালাকাটিত অঘটন! নৈৰ পাৰ ভাঙি তলত পৰি মৃত্যু ছাত্ৰৰ…

কোকৰাঝাৰৰ ছালাকাটিত অঘটন! নৈৰ পাৰ ভাঙি তলত পৰি মৃত্যু ছাত্ৰৰ…

ডিজিটেল সংবাদ, চিৰাং: শনিবাৰে কোকৰাঝাৰ জিলাৰ ছালাকাটী আৰক্ষী চকীৰ অন্তৰ্গত উজান কাউনীয়াভাষা গাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হয়। সতীৰ্থ সৈতে চম্পাৱতী নৈত মাছ মাৰিবলৈ গৈ আকস্মিকভাৱে চম্পা নৈৰ গৰাখহনীয়াত খহি পৰা মাটিৰ চপৰাৰ তলত পৰি এজন স্কুলীয়া ছাত্ৰ থিতাতে নিহত হোৱাৰ উপৰি আৰু এজন ছাত্ৰ গুৰুতৰভাবে আহত হৈছে।

নিহত ছাত্ৰ জনক উজান কাউনীয়াভাষা গাঁৱৰ বাসিন্দা ছহিদুল ইছলামৰ একমাত্ৰ পুত্ৰ তথা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আশ্ৰাফুল হক মণ্ডল (১৭) বুলি চিনাক্ত কৰা হৈছে। আহত ছাত্ৰ জনৰ নাম ৰিয়াজুল হক (১৪) । স্থানীয় লোকে জানিবলৈ দিয়া মতে আশ্ৰাফুল হকে শনিবাৰে পুৱা ১০ বজাত পৰিয়ালৰ খোৱাৰ কাৰণে চম্পাৱতী নৈত মাছ মাৰিবলৈ গৈ কিছু সময়ৰ বাবে নৈৰ পাৰত থিয় হৈছিল। সেই সময়তে হঠাৎ নৈৰ পাৰ ভাঙি যোৱাত আশ্ৰাফুল হকৰ লগতে ৰিয়াজুল হক নামৰ এজন কিশোৰ তলত বাগৰি পৰে মাটিৰ চপৰা তেওঁলোকৰ গাঁৰ ওপৰত পৰি যায়।

সেই সময়ত ঘটনা স্থলীত উপস্থিত থকা লোক সকলে তৎপৰতাৰে মাটি আঁতৰাই দি ৰিয়াজুল হকক ওলাই আনে যদিও আশ্ৰাফুল হকক উদ্ধাৰ কৰিবলৈ যথেষ্ট সময় অতিবাহিত হোৱাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱতি লয়। তথাপিও পৰিয়ালৰ লোকে আশ্ৰাফুল হকক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আশ্ৰাফুল হক মণ্ডলে অকাল মৃত্যুক সাৱটি লয় ৷ পৰবৰ্তী সময়ত ছাত্ৰ জনৰ মৃতদেহ ছালাকাটি আৰক্ষী চকীত লৈ যায় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in