বড়ো জাতীয়তাবাদক ধ্বংস কৰিব বিজেপিয়ে : ৰাইজৰ দল…

বড়ো জাতীয়তাবাদক ধ্বংস কৰিব বিজেপিয়ে : ৰাইজৰ দল…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: বড়ো জাতীয়তাবাদ , বড়োৰ স্বাভিমান ধ্বংস কৰি বড়োৰ মাজত ভাতৃঘাতী সংঘাত লগোৱাৰ পথত অগ্ৰসৰ হৈছে বিজেপি। ২০১৬ চনৰ পৰা বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদৰ নামত চক্ৰান্তমূলক ভাৱে খিলঞ্জীয়া জাতিসত্বাক নি:শেষ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই বিস্ফোৰক মন্তব্য কৰিছে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক দিৱস ফুকনে।
শনিবাৰে কোকৰাঝাৰ প্ৰেছক্লাৱত আয়োজন কৰা এক সংবাদমেলত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক দিৱস ফুকনে উক্ত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বিজেপিয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ভেঁটিত কুঠাৰাঘাত কৰিছে বুলি মন্তব্য কৰে। বিজেপিয়ে ধনবল আৰু প্ৰশাসনক নিৰ্লজ্য ব্যৱহাৰ কৰি বিটিচিত যিধৰণে নিৰ্বাচন অনুষ্ঠিত কৰিলে সেয়া দূৰ্ভাগ্যজনক আৰু সংখ্যাগৰিষ্ট দল হোৱা সত্বেও বিপিএফ গাদিচ্যুত হ'ল বুলি মন্তব্য কৰিছে।

নিৰ্বাচনত ৰিগিং কৰা , ভোটাৰক সোমাবলৈ নিদিয়া , এম্বুলেন্সত টকা আনি বিজেপি আৰু প্ৰশাসনে বিতৰণ কৰা বুলি তেওঁলোকে অভিযোগ লাভ কৰিছিল বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক দিৱস ফুকনে । এই সকলোবোৰৰ মুল উদ্দেশ্য হ'ল হাগ্ৰামা মহিলাৰী আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ভেঁটিত ৰাষ্ট্ৰীয়তাবাদৰ নামত ক্ষুদ্ৰ জাতিসত্বাক গ্ৰাস কৰি ৰাষ্ট্ৰীয়তাবাদৰ ৰামধেনু উৰুৱা আছিল বুলি মন্তব্যৰে ফুকনে কয় যে, বিজেপিয়ে প্ৰথমে কাৰ্বিআংলং আৰু ক্ৰমান্বয়ে ডিমা হাছাও , ৰাভা হাছঙ , তিৱাসকলক গ্ৰাম কৰি আৰু মিচিংসকলৰ গণশক্তিক গ্ৰাস কৰি এতিয়া অগপকো গ্ৰাস কৰিবলৈ উপক্ৰম হৈছে।

আঞ্চলিকতাবাদক নি:শেষ কৰিব খুজিলেও বিজেপি সফল নহব বুলি দাবী কৰি এজেপি বিপিএফ আৰু ৰাইজৰ দলে একত্ৰিত হৈ প্ৰতাৰণা , সাম্প্ৰদায়িকতাবাদ , ধৰ্মান্ধৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে বড়ো জাতিৰ বিৰুদ্ধে আৰম্ভ হোৱা ষড়যন্ত্ৰক প্ৰত্যুত্তোৰ দিয়াৰ সময় আহি পৰিছে বুলি মত প্ৰকাশ কৰি অখিল গগৈ চৰকাৰৰ সতে কাহানিও আপোচ নকৰে বৰং অখিল গগৈৰ মুক্তিৰ ক্ষণ সমাগত বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক দিৱস ফুকনে । তেওঁ বিজেপি চৰকাৰৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি খিলঞ্জীয়াৰ সলনি আদানি , আম্বানি তথা সৰ্বভাৰতীয় বণিক গোষ্ঠীৰ হাতত মা কামাখ্যা , বিমানবন্দৰ গল বুলি আক্ষেপ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰ দিল্লী আৰু নাগপুৰৰ কথামতেই চলে বুলি অভিযোগ উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in