কোকৰাঝাৰত বন্ধ সমৰ্থকে জ্বলালে দুখনকৈ পৰীক্ষাৰ্থীৰ মটৰচাইকেল

কোকৰাঝাৰত বন্ধ সমৰ্থকে জ্বলালে দুখনকৈ পৰীক্ষাৰ্থীৰ মটৰচাইকেল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৬জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা শুকুৰবাৰে অসম বন্ধৰ সময়ছোৱাত কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। বন্ধৰ সময়ছোৱাত বন্ধ সমৰ্থনকাৰীসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ উপৰিও পৰীক্ষাৰ্থীৰ দুখনকৈ মটৰচাইকেল জ্বলাই দিয়ে আৰু পৰীক্ষাৰ্থীসকলক কটু ব্যৱহাৰ কৰে।

উল্লেখ্য যে শুকুৰবাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰত কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। বন্ধ সমৰ্থনকাৰীসকলে প্ৰশাসনৰ সন্মুখতে মুকলিকৈ ৰাজপথলৈ ওলাই আহি দোকান-পোহাৰ বন্ধ কৰাৰ উপৰিও ৰাজপথত অৱস্থান লৈ যান-বাহনৰ চলাচলত বাধা প্ৰদান কৰে। ফলত কোকৰাঝাৰত এক নিমাওমাও পৰিৱেশৰ সৃষ্টি হয়। ইপিনে শুকুৰবাৰে ডিএলএডৰ প্ৰথম বাৰ্ষিকৰ দুয়োবেলাই পৰীক্ষা থকাত পৰীক্ষাৰ্থীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হয়।

পৰীক্ষাৰ্থীসকলে মটৰচাইকেলকে সাৰথি কৰি পৰীক্ষাকেন্দ্ৰলৈ ৰাওনা হয় যদিও পথত বন্ধসমৰ্থনকাৰীসকলে মটৰচাইকেল আগচি ধৰে যদিও পৰীক্ষাৰ কথা কোৱাত যাবলৈ দিয়ে। পৰীক্ষাগৃহৰ পৰা উভতি অহাৰ সময়ত পুণৰাই বন্ধ সমৰ্থনকাৰীসকলে পৰীক্ষাৰ্থীৰ মটৰচাইকেল আগচি ধৰি পৰীক্ষাৰ্থীক কটু ব্যৱহাৰ কৰে আৰু একাংশৰ মটৰচাইকেল জ্বলাই দিয়ে। কোকৰাঝাৰৰ গেন্দ্ৰাবিল নিৱাসী তথা পৰীক্ষাৰ্থী মুন চন্দ্ৰ নাথে তেওঁৰ ভাতিজী তথা পৰীক্ষাৰ্থী কনকলতা নাথক লৈ আৰু কবিৰত্ন নাথে তেওঁৰ ভনী উমাতাৰা নাথক লৈ শালকোছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰ পৰা ঘৰলৈ উভতাৰ পথত গেন্দ্ৰাবিলৰ নিকটবৰ্তী হিৰাপাৰা, নেপালখূটীত বন্ধ সমৰ্থকে মটৰচাইকেল আগচি ধৰে।

বন্ধ সমৰ্থকে বলপূৰ্বকভাৱে মটৰচাইকেল হস্তগত কৰি আৰু পৰীক্ষাৰ্থীসকলক কটু ব্যৱহাৰ কৰি তেওঁলোকৰ মটৰচাইকেল দুখন ক্ৰমে  (নং এ এচ ১৬ বি ৬৮৩৩ আৰু এএচ ১৯ বি ৩৭০৬) জ্বলাই দিয়ে। মটৰচাইকেলৰে পেট্ৰ'ল পাইপ খুলি জ্বলাই দিয়াত মটৰচাইকেল দুখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা শুকুৰবাৰৰ অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ সদৰ চহৰ, তিতাগুৰী, বালাজান তিনালী, ছালাকাটি আদি এলেকাৰ দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে জিলাখনৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বেংক, বীমা কাৰ্যালয় বন্ধ থাকে। প্ৰণিধানযোগ্য যে আৰক্ষীয়ে বহু বন্ধ সমৰ্থনকাৰীক আটক কৰিছে।

আনহাতে পৰীক্ষাৰ্থীৰ মটৰচাইকেল জ্বলোৱাক কেন্দ্ৰ কৰি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া চুড়ান্ত অগণতান্ত্ৰিক কাৰ্য বুলি অভিহিত কৰিছে। ৪৮ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে নাথ যোগী ছাত্ৰ সন্থাই পৰীক্ষাৰ্থীৰ ওপৰত অত্যাচাৰ কৰা কাৰ্যৰ প্ৰতিবাদ জনোৱা হব বুলি মন্তব্য কৰি আৰক্ষীৰ নিষ্কিয় ভূমিকাকো সমালোচনা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in