বিজেপি চৰকাৰ মিছলীয়াঃ কোকৰাঝাৰত আদিৱাসী ছাত্ৰ সন্থাৰ উদ্যোগত মানৱ শৃংখল…

বিজেপি চৰকাৰ মিছলীয়াঃ কোকৰাঝাৰত আদিৱাসী ছাত্ৰ সন্থাৰ উদ্যোগত মানৱ শৃংখল…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আদিৱাসী সকলক জনজাতিকৰণ , চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীত আজি সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত কোকৰাঝাৰৰ মাগুৰমাৰীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়িত হয় ।

আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত লালমাটি আৰু পশ্চিম কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে নিজ দাবীৰ সমৰ্থনত হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিভিন্ন শ্লোগান দিয়ে ।

আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ছালিম মিঞ্জে বিজেপি চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিৱাসী সকলক জনজাতিকৰণ নকৰিলে , চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি নকৰিলে আৰু ভূমিৰ পট্টা প্ৰদান নকৰিলে বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ লগতে আদিৱাসী এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰি তোলা হব ।

বিজেপিক প্ৰতিশ্ৰুতি আৰু মিছলীয়াৰ চৰকাৰ বুলি অভিহিত কৰি আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ছালিম মিঞ্জে ২০১৪ চনতে বিজেপিয়ে চৰকাৰ গঠন কৰিলে ছমাহৰ ভিতৰতে আদিৱাসীসকল জনজাতিকৰণৰ মৰ্যদা দিয়া হব বুলি দিয়া প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে ৰল বুলি উল্লেখ কৰে ।

আনহাতে আগন্তুক বিটিচি নিৰ্বাচনত আছাৰ দাবীৰ প্ৰতি সমৰ্থন থকা ৰাজনৈতিক দলক হে আছাই সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে । আজিৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত বহু সংখ্যক আদিৱাসী মহিলাও অংশগ্ৰহণ কৰি নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোলানেৰে কোকৰাঝাৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in