পৰেশ বৰুৱাক মূল সুঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰ: ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিটিচি প্ৰশাসনৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন হয় । বিটিচি সচিবালয়ৰ খেলপথাৰত জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকি পাঁচটা ৰাজহ চক্ৰৰ অধীনৰ কেইবাগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰে ।

কোকৰাঝাৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰ ক্ৰমে গোঁসাইগাঁও , কোকৰাঝাৰ , দোতমা , বগৰীবাৰী আৰু ভাওৰাগুৰীৰ ১৬৮৪ টা ভূমিহীন পৰিয়ালৰ মাজত আজি প্ৰথম পৰ্যায়ত ১৩২ টা ভূমিহীন পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰা হয় । আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ অনুষ্ঠানৰ পিছত সংবাদমাধ্যমৰ আগত ভূমি অবিহনে জীৱন ধাৰণ প্ৰক্ৰিয়া অসুবিধাজনক হৈ পৰে বুলি মন্তব্য কৰে ।

ভূমিহীন নাগৰিকসকলে সদায় অনিশ্চয়তা আৰু অস্থিৰতাত ভূগিব লগা হয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণৰ কাৰ্যসূচীক শলাগ লৈ প্ৰধানমন্ত্ৰীৰ দুৰদৰ্শী পদক্ষেপক আদৰণি জনাইছে । ভূমিহীনক ভূমিপট্টা দিয়াটো ইউপিপিএলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু সেয়া আইনী ব্যৱস্থাৰ মাজেৰে সম্পন্ন কৰা হব বুলি মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই। বিটিআৰ চুক্তিৰ ৪.৬ দফাৰ অধীনত বিটিআৰৰ চাৰি জিলা ক্ৰমে কোকৰাঝাৰ , চিৰাং , বাকচা আৰু ওদালগুৰীৰ জিলা উপায়ুক্তসকল বিটিআৰৰ অধীনলৈ অহাত এতিয়া উন্নয়নমুলক কাম কৰিবলৈ সুবিধা হ'ব বুলি মন্তব্য কৰে ।

ইফালে, সাংবাদিকৰ এক প্ৰশ্নত্তোৰত পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনাই হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই । অসমীয়া জাতিৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে সংগ্ৰাম কৰি অহা পৰেশ বৰুৱাৰ সংগ্ৰামৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰমোদ বড়োই এইবুলিও কয় যে- যি সংগ্ৰামে জাতিসত্বাৰ কোনো উন্নয়ন কৰিব নোৱাৰে তেনে সংগ্ৰাম পুনৰ বিবেচনা কৰা উচিত । সমাজৰ মাজত থাকি হিংসা পৰিহাৰ কৰি সমস্যাবোৰ ৰাজনৈতিকভাৱে আৰু গণতান্ত্ৰিকভাৱে সমাধানৰ পোষকতা কৰাৰ মত প্ৰকাশ কৰি পৰেশ বৰুৱাক মুলসূতলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োই । শনিবাৰৰ ভূমিপট্টা বিতৰণ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' , ৰণেন্দ্ৰ নাৰ্জাৰীৰ লগতে কেইবা সহস্ৰাধিক জনতা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in