শেহতীয়া খবৰ
মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত ৩ মহিলা ড্ৰাগছ সৰবৰাহকাৰী  •  অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  ছেপ্টেম্বৰৰ পৰা ৯ বজাতে খুলিব বেংক...  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক

কোকৰাঝাৰত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ সমদল…

40

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰত সপ্তম অসম আৰক্ষী বেটেলিয়নে সমদল বাহিৰ কৰে।

কোকৰাঝাৰ সদৰ চহৰৰ অসম অইলৰ পৰা আৰম্ভ হোৱা উক্ত সমদলে জেডি ৰোডেৰে বিটিচি সচিবালয় পৰ্যন্ত পৰিভ্ৰমণ কৰে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উক্ত সমদলে সাধাৰণ জনতাৰ মাজত দেশপ্ৰেমৰ ভাব জগাই তুলিব বুলি আশা প্ৰকাশ কৰে।

মঙলবাৰৰ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, সপ্তম আৰক্ষী বেটেলিয়নৰ অধিনায়ক এম এম বড়ো, আৰক্ষী অধীক্ষক ক্ৰমে- টাবুৰাম পেগু, ৰজী ৰাণী শৰ্মাৰ লগতে অতিৰিক্ত উপায়ুক্ত, জিলাৰ আন প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি