শ্ৰীৰামপুৰ গেটত কৰ্মৰত আৰক্ষী জোৱানৰ দেহত কোৰোনা ভাইৰাছ, কোকৰাঝাৰত পুনৰ ৪৭জনৰ দেহত কোভিড-১৯…

শ্ৰীৰামপুৰ গেটত কৰ্মৰত আৰক্ষী জোৱানৰ দেহত কোৰোনা ভাইৰাছ, কোকৰাঝাৰত পুনৰ ৪৭জনৰ দেহত কোভিড-১৯…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যজুৰি কোৰোনাতংকৰ মাজতে কোকৰাঝাৰৰ এগৰাকী আৰক্ষী বেটেলিয়নৰ জোৱান কোৰোনাত আক্ৰান্ত হোৱাত জিলা আৰক্ষী প্ৰশাসনৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোকৰাঝাৰ সপ্তম অসম আৰক্ষী বেটেলিয়নৰ জোৱান লোহিত ৰায় সম্প্ৰতি কোৰোনাত আক্ৰান্ত হোৱাত চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ কণ্টেইনমেন জ'ন হ'ব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। কোকৰাঝাৰত মঙলবাৰে পুণৰ ৪৭ জন লোক কৰোনাত আক্ৰান্তৰ ভিতৰত লোহিত ৰায়ৰ ট্ৰেভেল হিষ্টৰীয়ে সম্প্ৰতি প্ৰশাসনক বিপাঙত পেলাইছে। প্ৰথমে এগৰাকী উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা লোহিত ৰায় যোৱা ৪ জুনৰ পৰা অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত কৰ্মৰত আছিল। লোহিত ৰায়ৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছত যোৱা ২০ জুন তাৰিখে স্বাৱৰ নমুনা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ কলেজ আৰু হস্পিতাললৈ প্ৰেৰণ কৰাৰ পিছত মঙলবাৰে নিশা লোহিত ৰায়ৰ নমুনা পজিটিভ বুলি ৰিপোৰ্ট আহে।

শ্ৰীৰামপুৰতে নিজ কৰ্তব্য সমাপন কৰি থকা লোহিত ৰায়ে মঙলবাৰে দিনৰ ভাগত সপ্তম অসম আৰক্ষী বেটেলিয়নলৈও আহিছিল বুলি জানিব পৰা গৈছে। শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ সপ্তম অসম আৰক্ষী বেটেলিয়নৰ বহুলোকৰ সংস্পৰ্শলৈ অহা লোহিত ৰায়ৰ পৰাই গণসংক্ৰমণ হ'ব পাৰে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। মঙলবাৰেও সপ্তম অসম আৰক্ষী বেটেলিয়নলৈ আহি পুণৰাই শ্ৰীৰামপুৰলৈ উভতি যোৱা লোহিত ৰায়ক লৈ এতিয়া চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী হেডকোৱাৰ্টাৰত আতংকই বিৰাজ কৰিছে। কোৰোনা যোদ্ধাই এতিয়া কোৰোনা সংক্ৰামক হ'ব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে ইতিমধ্যে লোহিত ৰায়ক শ্ৰীৰামপুৰৰ পৰা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামাৰিক চিকিৎসালয় লৈ এম্বুলেন্সযোগে স্থানান্তৰ কৰা হৈছে।

ইপিনে শ্ৰীৰামপুৰত কৰ্তব্যৰত অৱস্থাতে অসম আৰক্ষী বেটেলিয়নৰ জোৱান কোৰোনাত আক্ৰান্ত হোৱাত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সৰ্তকতামূলক নিৰ্দেশনা জাৰি কৰিছে। প্ৰতিজন আৰক্ষী জোৱানক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দুৰত্বও বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি প্ৰতিখন থানা, উপ আৰক্ষী চকী, আৰক্ষী চকী, আৰক্ষী নিৱেশত পৰ্যাপ্ত পৰিমাণৰ মাস্ক, চেনিট্যাইজাৰ বিতৰণ কৰা হৈছে বুলি সদৰি কৰি মাস্ক পৰিধান নকৰা তথা কোভিড ১৯ ৰ নিৰ্দেশনাৱলী ভংগ কৰাসকলক জৰিমণা বিহিবলৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে।

বুধবাৰৰ দিনটোতে কোকৰাঝাৰ আৰক্ষীয়ে নিয়মভংগকাৰীৰ পৰা ৬১,৫০০ টকা জৰিমণা হিচাপে আদায় কৰিছে। আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সদৰি কৰা মতে সপ্তম অসম আৰক্ষী বেটেলিয়নৰ জোৱান লোহিত ৰায়ৰ সৈতে থকা আন তিনিজন জোৱানকো পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকৰ ৰিজাল্ট নিগেটিভ বুলি আহিছে যদিও সম্ভৱপৰ সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে।

ইপিনে কোৰোনা সংক্ৰমণৰ পৰিস্থিতি সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে বৰ্তমানলৈকে কোকৰাঝাৰ জিলাৰ বাসিন্দা হিচাপে ১২৮ গৰাকী লোকৰ দেহত কোৰোনা পজিটিভ পোৱা হৈছে বুলি সদৰি কৰে। চৰকাৰী নীতি নিৰ্দেশনা পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাই কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে চিকিৎসালয়ৰ পৰা কেবাগৰাকী ৰোগী সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি গৈছে বুলিও সদৰি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in