কোকৰাঝাৰত চিণ্ডিকেটৰাজ বন্ধ, আৰক্ষীৰ তৎপৰতা…

কোকৰাঝাৰত চিণ্ডিকেটৰাজ বন্ধ, আৰক্ষীৰ তৎপৰতা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ নিৰ্দেশত চোৰাং সৰবৰাহকাৰী আৰু চিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ হোৱা বিশেষ অভিযানত কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ পৰা চিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশত চোৰাং সৰবৰাহকাৰী আৰু চিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ হোৱা বিশেষ অভিযানত ইতিমধ্যে কেবাগৰাকী চোৰাং সৰবৰাহকাৰী আটক কৰাৰ লগতে চিণ্ডিকেটৰাজ উৎখাত কৰা হৈছে । চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি সদৰি কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনত বৰ্তমান কোনোধৰণৰ চিণ্ডিকেট নাই বুলি সদৰি কৰিছে ।

ইফালে, কাৰিগাঁওৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত একাংশ চালকে বৰ্তমান কোনো ধৰণৰ চিণ্ডিকেট নাই বুলি সদৰি কৰে । পশ্চিমবংগৰ কামাখ্যাগুৰীৰ পৰা পোনা মাছৰ চিণ্ডিকেট নিয়ন্ত্ৰণ সন্দৰ্ভতো চালকে অজ্ঞতা প্ৰকাশ কৰি বৰ্তমান কোনোধৰণৰ চিণ্ডিকেট নাই আৰু কাকো পইচা দিব নালাগে বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in