কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ’ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম

কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ’ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ২৭ নৱেম্বৰৰ পৰা ৬দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। কোকৰাঝাৰ শিক্ষা খণ্ডৰ বিভিন্ন বিদ্যালয়ৰ ২৮ গৰাকী প্ৰধান শিক্ষক-শিক্ষয়ত্ৰীয়ে ধৰি সৰ্বমুঠ ১৪৩ গৰাকী শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থকা উক্ত প্ৰশিক্ষণকালছোৱাত বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়ে সমল ব্যাক্তিসকলে।

পাঠ্যক্ৰম, শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষণ বিজ্ঞান, শিকন ফলাফল আৰু অন্তৰ্ভূক্তিকৰণ শিক্ষা, সুৰক্ষিত আৰু সুস্থ বিদ্যালয় পৰিৱেশ সৃষ্টিৰ বাবে ব্যাক্তিগত, সামাজিক গুণৰ বিকাশ, কলাসমন্বিত শিকন, পৰিৱেশ অধ্যয়নৰ শৈলী্ গণিত, ভাষা শিক্ষাদানৰ শৈলীকে ধৰি বহু বিষয়ৰ ওপৰত শিক্ষক-শিক্ষয়ত্ৰীসকলে প্ৰশিক্ষণ লয়। ইয়াৰোপৰি শিক্ষাৰ্থীসকলে প্ৰি আৰু পোষ্ট প্ৰশিক্ষণোত্তৰ জৰীপো সম্পূৰ্ণ কৰে। ৬দিনীয়া প্ৰশিক্ষণথলীত উপস্থিত থকা বিদ্যালয় পৰিদৰ্শক জে পি ব্ৰহ্মই প্ৰশিক্ষণে শিক্ষক -শিক্ষয়ত্ৰীৰ পাৰদৰ্শিতা বৃদ্ধি কৰে বুলি মন্তব্য কৰে।

প্ৰশিক্ষণকালীন কালছোৱাৰ লগতে বিদ্যালয়ৰ সময়ছোৱাতো নিয়মানুবৰ্তিতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাই বিদ্যালয় পৰিদৰ্শক জে পি ব্ৰহ্মই শিক্ষাক জীৱনৰ লাইখূঁটা বুলি অভিহিত কৰে। প্ৰশিক্ষণৰ অন্তিম দিনা কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড প্ৰাথমিক মিছন সমন্বয়ক প্ৰদীপ কুমাৰ গয়াৰীয়ে উপস্থিত থাকি শিক্ষাৰ্থীসকলে সুকলমে প্ৰশিক্ষণ সমাপ্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাসমুহ বিদ্যালয়ত প্ৰয়োগ কৰাৰ আহ্বান জনায়।

উল্লেখ্য যে, ৬দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণত ৰাজ্যিক সমল ব্যাক্তি কৰ্ণ ঘোষ, খণ্ড সমল ব্যক্তি চিপ্ৰা মজুমদাৰ আৰু অনিলা ব্ৰহ্ম, কেআৰপি ক্ৰমে নৱকান্ত ৰায়, দিব্যজ্যোতি ৰায় আৰু আদিত্য নাৰায়ন দেৱে শিক্ষক শিক্ষয়ত্ৰী সকলক প্ৰশিক্ষণ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in