কোকৰাঝাৰ মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত…

কোকৰাঝাৰ মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেৱিনেট বৈঠকৰ পিছতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই বুধবাৰে নিৰ্মীয়মান কোকৰাঝাৰ মেডিকেল কলেজ পৰিভ্ৰমণ কৰে । নিৰ্মীয়মান কোকৰাঝাৰ মেডিকেল কলেজ পৰিভ্ৰমণ কৰি কেশৱ মহন্তই কয় যে- মেডিকেল কলেজৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে আৰু এবছৰৰ ভিতৰত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

মেডিকেল কলেজত পাঠদান কেতিয়া আৰম্ভ হ'ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত ভাৰতীয় মেডিকেল কাউঞ্চিলৰ অনুমতিৰ বাবে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু ভাৰতীয় মেডিকেল কাউঞ্চিলে মেডিকেল কলেজ পৰিদৰ্শন কৰি অনুমতি প্ৰদান কৰিলেই নিয়মীয়া পাঠদান আৰম্ভ হ'ব বুলি সদৰি কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যানমন্ত্ৰী কেশৱ মহন্তই । এবছৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হৈ পাঠদান আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰিছে কেশৱ মহন্তই ।

তদুপৰি কোকৰাঝাৰ মেডিকেল কলেজৰ পিছফালে থকা গৌৰাং নৈৰ গৰাখহনীয়াই মেডিকেল কলেজৰ প্ৰতি সংকট নমাই অনাৰ সম্ভাৱনা আছিল যদিও ইতিমধ্যে গৰাখহনীয়া ৰোধৰ বাবে কাম আৰম্ভ হৈছে আৰু বৰ্তমান মুহুৰ্তত মেডিকেল কলেজখন সংকটমুক্ত হৈছে । আনহাতে, প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ মডেল হস্পিতাল নিৰ্মান কৰা হ'ব আৰু উপস্বাস্থ্য কেন্দ্ৰসমুহো মেৰামতি কৰা হ'ব ।

প্ৰতিখন উপ স্বাস্থ্য কেন্দ্ৰৰ মেৰামতিৰ বাবে চৰকাৰে ৭ ৰ পৰা ৯ লাখ টকাকৈ আৰ্থিক অনুদান দিব আৰু তৃণমূল পৰ্যায়ৰ পৰাই যাতে ভাল স্বাস্থ্যসেৱা লাভ কৰিব পাৰে সেয়া চৰকাৰে নিশ্চয়তা প্ৰদান কৰিব বুলি মন্তব্য কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰো সম্প্ৰসাৰণ ঘটোৱা হব বুলি মন্তব্য কৰিছে । কোকৰাঝাৰ মেডিকেল কলেজ পৰিভ্ৰমনৰ সময়ছোৱাত স্বাস্থ্যমন্ত্ৰীৰ সতে কোকৰাঝাৰ পুৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী , গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী , বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' উপস্থিত আছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in