কোকৰাঝাৰত ৰাজ্যপালৰ নিৰ্দেশত মাস্ক বিতৰণ, ৰাইজৰ হেতা-ওপৰা, VIDEO

কোকৰাঝাৰত ৰাজ্যপালৰ নিৰ্দেশত মাস্ক বিতৰণ, ৰাইজৰ হেতা-ওপৰা, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কালিপুখুৰী, ভূটীয়াপাৰা, চিম্বৰগাঁও আদিকে ধৰি পাঁচখন গাঁৱত শনিবাৰে কোকৰাঝাৰ চক্ৰ বিষয়াৰ উদ্যোগত কোভিড-১৯ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। ভূটীয়াপাৰা ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে মহামাৰী কোৰোনা সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতা সভা আৰু মাস্ক বিতৰণ কাৰ্যসূচীত অঞ্চলটোৰ বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। কোকৰাঝাৰৰ নৱনিযুক্ত জিলা উপায়ুক্ত ভাস্কৰ ফুকনে সজাগতা সভা আৰু মাস্ক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালৰ নিৰ্দেশত গাঁৱে গাঁৱে মাস্ক বিতৰণৰ কাৰ্যসূচী লোৱা হৈছে বুলি মন্তব্য কৰে।

একাংশ গাঁওবাসীয়ে মাস্ক পৰিধান নকৰাত জিলা উপায়ুক্তই সকলোকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ কৰি মাস্ক পৰিধান কৰাটো অভ্যাসত পৰিণত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। কোভিড ১৯ মহামাৰীৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি সাৱধানতা অৱলম্বন নকৰিলে যিকোনো মুহুৰ্ততে সংক্ৰমণ হ'ব পাৰে বুলি উল্লেখ কৰি জিলা উপায়ুক্তই কোভিড-১৯ ভয়াৱহতাৰ কথা জনসাধাৰণে হৃদয়াঙ্গম নকৰিলে আৰু প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ নকৰিলে সকলো অসাৰ হ'ব তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে।

ইপিনে জিলা উপায়ুক্তই গাঁওৱাসীৰ মাজত মাস্ক বিতৰণৰ সময়তে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। জিলা উপায়ুক্তৰ সন্মুখতে মাথো এটা সাধাৰণ মাস্ক সংগ্ৰহ কৰিবলৈ একাংশ গাঁওবাসীৰ মাজত হেঁতা-ওপৰা লাগে। সকলো ধৰণৰ সামাজিক দুৰত্ব পৰিহাৰ কৰি শিশু, মহিলা, বৃদ্ধসহিতে একাংশই মাস্কৰ বাবেই হেঁতা-ওপৰা কৰা কাৰ্যত জিলা উপায়ুক্ত অসন্তুষ্ট হৈ পৰে আৰু ৰাজহুৱাভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কঠোৰভাৱে আহ্বান জনোৱাৰ লগতে মাস্ক পৰিধান বাধ্যতামূলক বুলি সদৰি কৰে।

শনিবাৰৰ অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন, জিলা তথ্য আৰু জনসংযোগ বিষয়া ত্ৰিদিপ নন্দন বৰা, কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰী, গাঁওবুঢ়া ৰতিকান্ত নাথ আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in