কোকৰাঝাৰত আটক সন্দেহযুক্ত কেএলঅ’ সদস্যঃ পিষ্টল- গুলী জব্দ…

কোকৰাঝাৰত আটক সন্দেহযুক্ত কেএলঅ’ সদস্যঃ  পিষ্টল- গুলী জব্দ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কালিপুখুৰীত আজি সন্ধিয়া আৰক্ষী আৰু সেনাবাহিনীয়ে যৌথ অভিযান চলাই এগৰাকী সন্দেহযুক্ত কেএলঅ' সদস্যক আটক কৰিবলৈ সক্ষম হৈছে । সেনা -আৰক্ষীৰ যৌথ অভিযানত আটক হোৱা সন্দেহযুক্ত কেএলঅ' সদস্যগৰাকীৰ পৰা এটা পিষ্টল আৰু ছয়জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সন্দেহযুক্ত কেএলঅ' সদস্যগৰাকীক কালিপুখুৰীৰ প্ৰদীপ ৰায়(৩০)বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

সন্দেহযুক্ত কেলঅ সদস্যগৰাকী বিহুত ঘৰলৈ আহিব বুলি এক গোপন সূত্ৰে তথ্য লাভ কৰি সেনা আৰক্ষীয়ে সন্দেহযুক্ত কেএলঅ' সদস্যগৰাকীক কৰায়ত্ব কৰিবলৈ কালিপুখুৰীৰ এটা পথৰ কাষত খাপ পিটি থাকে । সন্দেহযুক্ত কেএলঅ' সদস্যগৰাকী অহাৰ লগে লগেই অভিযানকাৰী দলটোৱে সদ্দেহযুক্ত কেএলঅ' সদস্যগৰাকীক আটক কৰে ।

অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ নাহৰে(প্ৰ) সদৰি কৰা মতে ধৃত সন্দেহযুক্ত কেএলঅ' সদস্যগৰাকীৰ জিন্মাৰ পৰা ফেক্টৰীত নিৰ্মিত এটা পিষ্টল আৰু ছয়জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সেনা -আৰক্ষীৰ যৌথ অভিযানৰ নেৰ্তৃত্ব বহন কৰে মেজৰ নবীন কুমাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ নাহৰে(প্ৰ)। অধিক তথ্যৰ সন্ধানত ধৃত সন্দেহযুক্ত কেএলঅ' সদস্যগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in