বেংক সেৱাৰ পৰা বঞ্চিত লক্ষাধিক জনতাঃ কানাড়া বেংকৰ সৈতে বৈঠক বিধায়ক লৰেঞ্চ ইছলাৰীৰ

বেংক সেৱাৰ পৰা বঞ্চিত লক্ষাধিক জনতাঃ কানাড়া বেংকৰ সৈতে বৈঠক বিধায়ক লৰেঞ্চ ইছলাৰীৰ

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰত বেংক সেৱাৰ পুতৌজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কানাড়া বেংকৰ প্ৰতিনিধিৰ সতে এক আলোচনাত মিলিত হয়। উল্লেখ্য যে কোকৰাঝাৰ সদৰ চহৰৰ বাহিৰে জিলাখনৰ উত্তৰ পাৰত তথা কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তলৈকে এটাও বেংক প্ৰতিষ্ঠান নাই যাৰ ফলত প্ৰায় লক্ষাধিক জনতা বেংক সেৱাৰ পৰা বঞ্চিত হৈছে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়, কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মেডিকেল কলেজ আদিকে ধৰি কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ আশে পাশে এটাও বিত্তীয় প্ৰতিষ্ঠান নথকাত বিত্তীয় লেনদেনত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে জনসাধাৰণেও দুৰ্ভোগ ভূগি আহিছে। ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী সকলোৱেই বেংক নথকা বাবে যমৰ যাতনা ভূগি আছে বিশেষকৈ ভাৰত -ভূটান সীমান্তবৰ্তীৰ ব্যৱসায়ীসকলে বেংকৰ সাধাৰণ এটা কামৰ বাবেও ৬০ – ৬৫ কিলোমিটাৰ বাটকুৰি বাই বেংকত উপস্থিত হ'ব লগা হৈছে । জনসাধাৰণে দীৰ্ঘদিনৰ পৰা বালাজান তিনালীত এটা বেংক স্থাপনৰ দাবী উত্থাপন কৰি আহিছে যদিও আজিলৈ কোনো এটা বিত্তীয় প্ৰতিষ্ঠানে সঁহাৰি জনোৱা নাই ।

পূৰ্বতে বালাজান তিনালীত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা আছিল যদিও বড়ো আন্দোলনৰ সময়ছোৱাত উক্ত শাখাটো কোকৰাঝাৰ মূল চহৰলৈ স্থানান্তৰিত কৰে আৰু সদৰ চহৰতে গজ পুতি বহি লয় । আনকি বালাগাঁও শাখাৰ পৰা নৰ্থ কোকৰাঝাৰ শাখা বুলি নতুনকৈ নামাকৰণ কৰি এতিয়া কোকৰাঝাৰ সদৰ চহৰৰ জেডি ৰোডৰ টেঙাপাৰাত এচ বি আইৰ শাখাটো পূৰ্ণাঙ্গৰূপত চলি আছে । এটা বৃহৎ অঞ্চলজুৰি কোনো এটা বেংকৰে শাখা কাৰ্যালয় নথকাত অঞ্চলটোৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তথা বালাজান তিনালীত বেংক স্থাপনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে দেশৰ তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰীয়তাকৃত বেংক "কানাড়া বেংক"ৰ প্ৰতিনিধিৰ সতে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে চিগনেট হোটেলত এক বৈঠকত মিলিত হয়।

বালাজান তিনালীত কানাড়া বেংকৰ এটা শাখা স্থাপন কৰা , হিতাধিকাৰীক ঋণ দিয়া , কৃষি ঋণ দিয়া , আত্মসহায়ক গোট সমুহলৈ ঋণ দিয়া , চি এচ আৰ আঁচনিৰ অধীনত বিভিন্ন উন্নয়নমুলক কাম কৰা, মেধাৱী ছাত্ৰ -ছাত্ৰীলৈ স্কলাৰশ্বিপ প্ৰদান কৰা ইত্যাদি বিষয়সমুহ আলোচনাত স্থান পায় । কানাড়া বেংকৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনা সৌহাৰ্দ্যপুৰ্ণ আছিল আৰু বেংকৰ প্ৰতিনিধি দলটোত গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰৱন্ধক জে কে চাহু , কোকৰাঝাৰ কানাড়া বেংকৰ প্ৰৱন্ধক দেৱজিৎ মণ্ডল , বঙাইগাঁও কানাড়া বেংকৰ জেষ্ঠ্য প্ৰৱন্ধক দেৱজিৎ কলিতা আৰু সহকাৰী প্ৰৱন্ধক প্ৰশান্ত দাস উপস্থিত আছিল । উল্লেখ্য যে বৈঠকৰ পূৰ্বে কানাড়া বেংকৰ প্ৰতিনিধিৰ দলটোৱে বিধায়ক লৰেঞ্চ ইছলাৰীক গামোচা , আৰনাইৰে উষ্ম আদৰণি জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in