উৎকোচ নিদিয়াৰ বাবেই অব্যাহতি! কোকৰাঝাৰৰ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত

উৎকোচ নিদিয়াৰ বাবেই অব্যাহতি! কোকৰাঝাৰৰ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সুদীৰ্ঘ ৮ বছৰ ধৰি কোকৰাঝাৰ জিলাৰ বিভিন্ন ৰেলৱে দলং, কালভাৰ্ট, ৰেলৱে ট্ৰেক তথা বিভিন্ন ৰেল ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত থকা শতাধিক গৃহৰক্ষী জোৱানৰ একাংশক শেহতীয়াকৈ অব্যাহতি দিয়াক লৈ বঞ্চিত গৃহৰক্ষী জোৱান সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ প্ৰতিবাদত মঙলবাৰে শতাধিক গৃহৰক্ষী জোৱানে কোকৰাঝাৰ চহৰৰ নিউ অভাৰ ব্ৰীজৰ নিকটত থকা গৃহৰক্ষী কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা ক্ষুব্ধ তথা বঞ্চিত গৃহৰক্ষী জোৱান সকলে গৃহৰক্ষী কমাণ্ডেণ্ট গ' বেক, গৃহৰক্ষী পিচি গ' বেক, ৰেলৱে গৃহৰক্ষীক অব্যাহতি দিয়া নচলিব, আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক, গৃহৰক্ষী সন্থাৰ নেতাৰ দালালগিৰি বন্ধ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বঞ্চিত গৃহৰক্ষী সকলে অভিযোগ কৰা মতে- জিলাখনৰ বিভিন্ন ৰেলৱে ব্ৰীজ, কালভাৰ্ট, ৰেলৱে ট্ৰেক তথা বিভিন্ন ৰেল ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত ১১৩ গৰাকী গৃহৰক্ষী জোৱান নিয়োজিত হৈ আছে৷ কিন্তু সুদীৰ্ঘ ৮ বছৰ ধৰি নামমাত্ৰ পাৰিতোষিকৰে তথা নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি থকা উল্লেখিত গৃহৰক্ষী জোৱান সকলৰ ৩৩ গৰাকী গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।

ইফালে, বাকী থকা গৃহৰক্ষী সকলকো অব্যাহতি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষই প্ৰস্তুতি চলাই আছে৷ গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি,সম্পাদক আৰু বিভাগীয় শীৰ্ষ বিষয়াক উৎকোচ নিদিয়াৰ বাবেই উল্লেখিত গৃহৰক্ষী জোৱান সকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে বুলিও অভিযোগ কৰে৷ তদুপৰি নতুনকৈ গৃহৰক্ষী নিয়োগ আৰু বদলিৰ নামতো সন্থাৰ সভাপতি আৰু সম্পাদকদ্বয়ে উৎকোচ লয় বুলিও গৃহৰক্ষী সকলে অভিযোগ কৰে৷

আনহাতে, সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে গৃহৰক্ষী জোৱান নিয়োগৰ নামত উৎকোচ লোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে৷ গৃহৰক্ষীক নিয়োগৰ নামত ধনৰ আদান-প্ৰদান হয় বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে এক প্ৰেছ বিবৃতিযোগে গৃহৰক্ষী জোৱানৰ জিলা সাধাৰণ সম্পাদক বৰহান কাজীয়ে স্পষ্ট কৰা মতে, গৃহৰক্ষী জোৱানৰ নিয়োগ বা বদলিৰ ক্ষেত্ৰত সন্থাৰ কোনো হাত নাই৷ গৃহৰক্ষী জোৱানৰ নিয়োগ তথা বদলিকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া গৃহৰক্ষীৰ আইন মতেই চলে বুলি জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in