আলোচনাৰ মেজলৈ আহক আলফা-এনডিএফবিঃ কোকৰাঝাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হাগ্ৰামা মহিলাৰী, VIDEO

আলোচনাৰ মেজলৈ আহক আলফা-এনডিএফবিঃ কোকৰাঝাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হাগ্ৰামা মহিলাৰী, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৃহস্পতিবাৰে কোকৰাঝাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ছহিদৰ অৱদানক স্মৰণ কৰি জন্মু কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(এ) বাতিল কৰাত প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

জন্মু কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(এ) বাতিল কৰাত জনতা আনন্দিত হৈছে বুলি মন্তব্য কৰিছে মহিলাৰীয়ে।আলফা আৰু এনডিএফবিক আলোচনাৰ মেজলৈ অহাৰ আহ্বান জনাই মহিলাৰীয়ে উন্নয়নৰ বাবে এক পৰিৱেশৰ প্ৰয়োজন বুলি ভাষণত উল্লেখ কৰে।

বিগত ১৫ বছৰত বিটিচিৰ প্ৰভূত উন্নয়ন হৈছে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক সময়ছোৱাতো এই উন্নয়ন অব্যাহত থাকিব বুলি সদৰি কৰে।

বৃহস্পতিবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীতে হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ আৰক্ষী, সপ্তম অসম আৰক্ষী বেটেলিয়ন, এনচিচি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ে পৰিবেশন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিভিন্ন ব্যাক্তি, ছাত্ৰ ছাত্ৰীলৈ মানপত্ৰ আৰু আৰনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in