অগপ-বিজেপি-বিপিএফৰ মিত্ৰতা অটুট থাকিবঃ হাগ্ৰামা

অগপ-বিজেপি-বিপিএফৰ মিত্ৰতা অটুট থাকিবঃ হাগ্ৰামা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ২০২০ চনত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দল বিপিএফৰ সৈতে চামিল হৈ একগোট হৈ নিৰ্বাচন খেলাৰ প্ৰস্তাৱ আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে। ইউপিপিএলত থকা বিটিচি বিধান পৰিষদৰ ৭ জন নিৰ্বাচিত সদস্য বিপিএফ দলত চামিল হলে তথা একগোট হ'লে বিপিএফ দলে উৰ্খাও গৌৰা ব্ৰহ্মক ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠাব। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

আগন্তুক বিটিচি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ কুচকাৱাজ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ হেকাইপাৰা-মুজাবাৰীত পকীদলঙৰ আধাৰশীলা স্থাপন কৰি উক্ত মন্তব্য কৰিছে। ৰাজহ বিভাগৰ দ্বাৰা সংগৃহীত পুঁজিৰে প্ৰায় ৮ কোটি ব্যায়ৰে নিৰ্মিত হবলগীয়া উক্ত পকী দলংৰ আধাৰশীলা স্থাপন কৰাৰ অন্তত এক সভাতো অংশগ্ৰহণ কৰে মহিলাৰীয়ে।

পিছত সংবাদমাধ্যৰ আগত মহিলাৰীয়ে বিটিচি নিৰ্বাচন উপলক্ষে একগোট সন্দৰ্ভত ইউপিপিএলৰ সৈতে আলোচনা অব্যাহত থকাৰ কথা সদৰি কৰি কয় যে, বৰ্তমানলৈকে ইউপিপিএল দল বিপিএফৰ সৈতে চামিল তথা একগোট হোৱাত মান্তি হোৱা নাই আৰু ইউপিপিএল দলে আসন ভাগ বটোৰোৱাত হে গুৰুত্ব আৰোপ কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে লগতে কয় যে, একগোট হোৱাৰ অৰ্থ মানে দল এটাই হ'ব লাগে আৰু সকলোৱে বিপিএফত আহিব লাগে। ইউপিপিএল দল বিপিএফত চামিল হলে ৭ জন ইউপিপিএলৰ স্থান একেই থাকিব আৰু বাক্সা আৰু ওদালগুৰিত ইউপিপিএলৰ সৈতে দুই এখন আসন মিলাই লোৱা হ'ব। পাৰ্টী এটাই নহলে আগৰ বছৰ বোৰৰ দৰে পুণৰাই গণ্ডগোল হ'ব বুলিও মহিলাৰীয়ে তাপপৰ্যপূৰ্ণ মন্তব্য কৰিছে>

অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰতা অটুট থাকিব বুলি মন্তব্য কৰি অগপ আৰু বিজেপিকো নিৰ্বাচন খেলিবলৈ আসন দিয়া হ'ব বুলি মন্তব্য কৰে। তদুপৰি মহিলাৰীয়ে নৱ শৰণীয়া তেওঁৰ হিৰো নহয় বুলিও মন্তব্য কৰে।

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ প্ৰস্তাৱ সন্দৰ্ভত ইউপিপিএল দলে কি সিদ্ধান্ত লব সেয়া বৰ্তমান মুহুৰ্তলৈকে আলোচনাৰ পৰ্যায়তে আছে যদিও বিষয়টোৱে বিটিচিত ব্যাপক চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in