বেদেতীত অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা, চূড়ান্ত বিজয়ী বাৰহোং-খা-এথলেটিকছ

বেদেতীত অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা, চূড়ান্ত বিজয়ী বাৰহোং-খা-এথলেটিকছ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বেদেতী চাহ বাগিচাৰ খেলপথাৰত মৰ্ণিং ক্লাৱৰ উদ্যোগত যোৱা ৯ ছেপ্টেম্বৰৰপৰা চলি থকা প্ৰিয়মোহন বসু আৰু জোনালী মুদৈ কলিতা সোঁৱৰণি সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত নগাঁৱৰ অম্লানগোষ্ঠী ফুটবল ক্লাবক কোকৰাঝাৰৰ বাৰহোং-খা-এথলেটিকছে ১-০ গ'লৰ ব্যৱধানত পৰাভূত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে।

দেওবাৰে হোৱা ফাইনেলত বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত, জনপ্ৰিয় শিল্পী পদ্মনাভ বৰদলৈ, উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় ফেচন ডিজাইনাৰ মেঘনা ৰায় মেধি আৰু জ্যোতি ৰূপ চৌধুৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in