শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

কোকৰাঝাৰত ভূমিকম্পত খহি পৰিল মন্দিৰৰ চূড়া, গৌৰাঙত আহত ৫

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দেৱালতো ফাঁট, বিদ্যালয়ৰ পাঠদান আধাতে স্থগিত

1,010

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভূমিকম্পৰ ফলত আজি কোকৰাঝাৰত ব্যাপক আতংকৰ সৃষ্টি হয়। কোকৰাঝাৰ জিলাৰ চিথিলা অঞ্চলত ভূমিকম্পৰ অভিকেন্দ্ৰ হোৱা হেতুকে ভূমিকম্পৰ কম্পন কোকৰাঝাৰত অধিক যেন অনুভৱ হোৱাৰ লগতে জিলাখনৰ কেবাঠাইতো ক্ষতিসাধন হৈছে।

ভূমিকম্পৰ ফলত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ভৱনৰ কেবাঠাইতো ফাঁট মেলিছে। বিভাগটোৰ শ্ৰেণীকোঠা, কাৰ্যালয়কে ধৰি কৰিডৰৰ বিভিন্ন ঠাইত ভূমিকম্পৰ ফলত ফাঁট মেলাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু আজি শ্ৰেণীসমূহ স্থগিত ৰখা হয়।

ইপিনে জিলাখনৰ শক্তি আশ্ৰম মুখীগাঁৱৰ দুৰ্গাচৰণ অধিকাৰীৰ বাসভৱন চৌহদত থকা ৰাধাগোবিন্দ মন্দিৰটোৰ চূড়া ভূমিকম্পৰ ফলত খহি পৰে। আনহাতে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা দৌৰাদৌৰিৰ ফলত গৌৰাং হাইস্কুলত দুজন শিক্ষককে ধৰি ৫গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি