কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি…

কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা দিনে দিনে দ্ৰুতগতিত বৃদ্ধি পাইছে । কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ চৰকাৰী বাংলোত কৰ্তব্যত নিয়োজিত হৈ থকা গৃহৰক্ষী জোৱান জিতেন্দ্ৰ বৰুৱা (৪৫)ৰ দেহত কোভিড-১৯ পজিটিভ বুলি ধৰা পৰাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

তদুপৰি জিলাখনত দিনে দিনে স্বাস্থ্যকৰ্মী , আৰক্ষী জোৱানো আক্ৰান্ত হোৱাত কোকৰাঝাৰত কোৰোনাই গণসংক্ৰমণৰ ৰূপ ল'ব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। শনিবাৰৰ দিনটোতে গৃহৰক্ষী, স্বাস্থ্যকৰ্মীকে ধৰি ১৪ গৰাকী লোকৰ দেহত নতুনকৈ কভিড১৯ পজিটিত বুলি ধৰা পৰাত জিলাখনত বৰ্তমানলৈকে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি পাইছে আৰু ইয়াৰে বহুতৰে ট্ৰেভেল হিষ্টৰী নাই বুলি জানিব পৰা গৈছে ।

কোকৰাঝাৰ জিলা উপায়ুক্তৰ চৰকাৰী বাংলোত থকা গৃহৰক্ষী বাহিনীৰ জোৱান কোভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা সন্দৰ্ভত জিলা উপায়ুক্তৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত উপায়ুক্ত ভাস্কৰ ফুকনে কয় যে- গৃহৰক্ষী বাহিনীৰ উক্ত জোৱানজন অকল নিশাৰ ভাগত পিয়নৰ ডিউটী কৰিছিল আৰু ৰাতিপুৱাৰ লগে লগে গুচি গৈছিল । সকলো ষ্টাফকে কোভিড পৰীক্ষা কৰাৰ পাছত কেৱল গৃহৰক্ষীৰ জোৱানজনৰহে কোভিড পজিটিভ আহিছে যদিও এতিয়া পুনৰাই আকৌ এবাৰ সকলোৰে কোভিড টেষ্টৰ পোষকতা কৰি কোৱাৰেণ্টাইনৰ প্ৰাসংগিকতা নুই কৰিছে। উল্লেখ্য যে আজি কভিড পজিটিভ হোৱা আন এগৰাকী স্বাস্থ্যকৰ্মী জীৱন দেৱ নাথ সৰলপাৰা অঞ্চলত কৰ্মৰত আছিল আৰু স্বাস্থ্যকৰ্মীগৰাকী কাৰ কাৰ সংস্পৰ্শ লৈ আহিছিল তাকে লৈ এতিয়া সৰলপাৰা অঞ্চলৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in