কোভিডৰ দ্বিতীয় ঢৌঃ কঠোৰ হৈছে কোকৰাঝাৰ জিলা প্ৰশাসন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোৰোনাৰ দ্বিতীয়টো ঢৌৱে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাতো আন এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কোকৰাঝাৰ জিলাত  আজিৰ দিনটোত এই বাতৰি যুগুতোৱালৈকে ১০০ গৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু কোভিডৰ পৰীক্ষা চলি থকালৈ চাই দুই-এদিনৰ ভিতৰত জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হব পাৰে বুলি জিলা প্ৰশাসনৰ এক সূত্ৰই আশংকা প্ৰকাশ কৰিছে৷

লক্ষ্যণীয় যে, বুধবাৰৰ দিনটোত জিলাখনত ১৯ গৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ ধৰা পৰিছে । সেই মৰ্মে জিলা খনত আজিৰ তাৰিখত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১০৮ গৰাকী লৈ বৃদ্ধি পাইছে । ইয়াৰে ১০ গৰাকী কোভিড কেন্দ্ৰত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৯৪ গৰাকী হোম আইছলেছনত আছে ।   

এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও  জনসাধাৰণৰ মাজত কোৰোনা প্ৰতিৰোধক সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে জনসংযোগ বিভাগে   অনুভাষ যন্ত্ৰৰ মাধ্যমত কোৰোনাৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতামুলক ব্যৱস্থাৰ বিষয়ে প্ৰচাৰ চলোৱা হৈছে ৷কিন্তু তৎসত্বেও জনসাধাৰণ সজাগ হোৱা নাই৷চহৰখনত বহু লোকে মাস্ক নিপিন্ধাকৈ বজাৰে-সমাৰে যান-বাহনলৈ মুক্ত ভাৱে ঘুৰি ফুৰা পৰিলক্ষিত হৈছে ।

ইফালে, মহামাৰী কোৰোনাক লৈ আতংক, অনিশ্চয়তা বিৰাজমান হৈ থকাৰ সময়তে আজি বুধবাৰে অসম চৰকাৰে নতুন গাইড লাইন প্ৰকাশ কৰিছে । উল্লেখ্য যে অকল ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰৱেশৰ অনুমতি,বজাৰ- সমাৰ, চুপাৰ মাৰ্কেট বিয়লি ৬ বজাত বন্ধ কৰাকে আদি কৰি কোভিডৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্যে কোকৰাঝাৰ জিলা প্ৰশাসনে নতুন কোভিড নীতি নিৰ্দেশনা জাৰি কৰি জনগণক মানি চলিবলৈ আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in