শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰৰ ছালাকাটিত শৈক্ষিক, বৃক্ষ ৰোপণ, জলসংৰক্ষণৰ ওপৰত সজাগতা সভা, শোভাযাত্ৰা

91

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষই ২৬ নবেম্বৰ অৰ্থাৎ মঙলবাৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰে৷ সেই অনুসৰি কোকৰাঝাৰ জিলাৰ ছালাকাটি চৌটাকী দ্বিতীয়খণ্ড গাঁৱত ইয়ং ষ্টাৰ ক্লাৱৰ উদ্যোগত আৰু কোকৰাঝাৰ নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত সংবিধান দিৱসৰ লগতে এক সজাগতা সভাৰ আয়োজন কৰা হয়৷ উল্লেখ্য যে, শৈক্ষিক, জলসংৰক্ষণ আৰু বৃক্ষ ৰোপণৰ প্ৰয়োজনীয়তাৰ উপৰিও সংবিধান দিৱসৰ তাৎপৰ্য সম্পৰ্কে সাধাৰণ ৰাইজক অবগত কৰাৰ উদ্দেশ্যৰে উক্ত সজাগতা সভাৰ আয়োজন কৰা হয়৷

সজাগতা সভাখনত সংবিধান দিৱসৰ তাৎপৰ্যৰ বিষয়ে উদ্বোধনী চমু ভাষণ প্ৰদান কৰে ছালাকাটি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰাণকৃঞ্চ তালুকদাৰে৷ ইয়াৰোপৰি সজাগতা সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, নিৰ্দিষ্ট বক্তা হিচাপে কোকৰাঝাৰ জিলা সৰ্বশিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া জাহাংগীৰ হুছেইন আদিয়ে সংবিধান দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্যৰ বিষয়ে উপস্থিত ৰাইজৰ মাজত নিজ নিজ চমু ব্যাখ্যা দাঙি ধৰে৷

আনপিনে সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন, গছ পুলি ৰোপন, ছাফাই অভিযান, কুইজ, ক্ৰীড়া প্ৰতিযোগিতাৰ উপৰিও এক সজাগতামূলক শোভাযাত্ৰাও উলিওৱা হয়৷ উল্লেখ্য যে, কাৰ্যসূচীত চৌটাকী ইয়ং ষ্টাৰ ক্লাৱৰ সভাপতি আব্দুল ৰুহুল আমিন, সম্পাদক লতিফ আহমেদ, কোকৰাঝাৰ নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া জিকিৰ আলী, গাওঁবুঢ়া আব্দুছ ছালামখান সহ কেইবা শতাধিক গাঁওবাসীয়ে অংশ গ্ৰহণ কৰে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি