হাগ্ৰামাৰ গৌৰাং ভেলী হোটেলৰ কাণ্ডই জোকাৰিছে দিছপুৰ, মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

হাগ্ৰামাৰ গৌৰাং ভেলী হোটেলৰ কাণ্ডই জোকাৰিছে দিছপুৰ, মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ
  • কোকৰাঝাৰত দণ্ডাধীশক আৰক্ষী অধীক্ষকে প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি দিছপুৰত হাহাকাৰ।
  • ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমে চলাব এই তদন্ত।
  • ২৫ ছেপ্তেম্বৰৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব তদন্তকাৰী বিষয়াই।
  • তদুপৰি কোকৰাঝাৰৰ গৌৰাং ভেলী হোটেলত সংঘটিত ঘটনাৰ সময়ত উপস্থিত শীৰ্ষ পদাধিকাৰী সকলৰ ভূমিকাৰ সন্দৰ্ভতো প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।
  • ইফালে এ চি এছ বিষয়া এগৰাকীক এনেদৰে প্ৰহাৰ কৰা ঘটনাই অসম প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ মাজত সৃষ্টি কৰিছে আলোড়নৰ।
  • সন্ধিয়া ৬ বজাত খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত এ চি এছ বিষয়া সন্থাৰ জৰুৰী সভাৰ আহ্বান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in