কোকৰাঝাৰত কাঁহি-বাতি লৈ প্ৰতিবাদ ৰান্ধনীৰ, উত্তাল বিটিচিৰ শিক্ষা সঞ্চালকৰ চৌহদ, ফকিৰাগ্ৰামত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ

কোকৰাঝাৰত কাঁহি-বাতি লৈ প্ৰতিবাদ ৰান্ধনীৰ, উত্তাল বিটিচিৰ শিক্ষা সঞ্চালকৰ চৌহদ, ফকিৰাগ্ৰামত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যজুৰি আজিও অব্যাহত আছে মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যালয় প্ৰাংগনতে স্থানীয় ৰান্ধনীৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাৰ পৰিবৰ্তে সেচ্ছাসেৱী সংস্থাই কেন্দ্ৰীয় পাকঘৰত মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তত কৰি বিদ্যালয়ে বিদ্যালয়ে যোগান ধৰাৰ প্ৰতিবাদতে ৰাজ্যজুৰি ৰান্ধনীসকলে প্ৰতিবাদ সাৱস্থ্য কৰাৰ সমান্তৰালভাৱে কোকৰাঝাৰতো প্ৰতিবাদ অব্যাহত ৰাখিছে ৰান্ধনীসকলে।

কোকৰাঝাৰ চহৰস্থিত বি টি চিৰ শিক্ষা সঞ্চালকৰ চৌহদত বি টি এ ডি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ উদ্বোগত চাৰিখন জিলাৰ সহস্ৰাধিক ৰান্ধনীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে-কাৰ্ড আৰু কাঁহি বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ছোৱাত ৰান্ধনীসকলে শিক্ষামন্ত্ৰী হায় হায়, বহিৰাগত এনজিঅ' গো' বেক আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে বিটিচিৰ শিক্ষা সঞ্চালকৰ চৌহদৰ পৰিবেশ উত্তাল কৰি তোলে। ৰান্ধনী সকলৰ পেটৰ ভাত কাঢ়ি বহিৰাগত এনজিঅ'ক মধ্যাহ্ন ভোজনৰ দায়িত্ব হস্তান্তৰ কৰা কাৰ্যৰ প্ৰতিবাদ সাৱস্থ্য কৰি আৰু শিক্ষামন্ত্ৰীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে ৰান্ধনী সকলৰ কাম পুণৰাই ঘূৰাই দিবলৈ দাবী উত্থাপন কৰে ৰান্ধনী সন্থাই।

বহিৰাগত এনজিঅ'ক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ পৰাই দুখীয়া পৰিয়ালৰ ছাত্র ছাত্ৰী সকলে নিম্নমানৰ খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে বুলি অভিযোগ তুলি সেয়া কোনোপধ্যেই পুষ্ঠিকৰ খাদ্য নহয় বুলি মন্তব্য কৰে ৰান্ধনী সকলে। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰা হৈছে যদিও মন্ত্ৰীৰ আশ্বাস সন্তোষজনক নহয় বুলি মন্তব্যৰে অতি শীঘ্ৰে সমস্যাৰ সমাধান নহলে জংগী আন্দোলন গঢ়ি তোলা হব বুলি সকিয়নি দিয়ে বিটিএডি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সভানেত্ৰী গোলাপী দাস ভড়ালীয়ে।

অতি কম মাননিৰে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহাৰ পিছত এতিয়া চৰকাৰে ৰান্ধনীৰ পেটৰ ভাত কাঢ়ি নিব বিচাৰিছে আৰু সেয়া মানি লোৱা নহব বুলি মন্তব্যৰে বিটিচি চৰকাৰৰ সমালোচনাতো মুখৰ হৈ পৰে ৰান্ধনীসকলে। বি টি চি চৰকাৰে ৰান্ধনীৰ মাননি দুশ টকাকৈ বৃদ্ধি কৰাৰ আশ্বাস দিছিল যদিও আজিলৈ সেয়া কাৰ্যকাৰী নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি মধ্যাহ্ন ভোজনৰ ৰন্ধা-বঢ়াৰ দায়িত্ব পূৰ্বৰ ব্যৱস্থা বাহাল ৰখাৰ দাবী উত্থাপনেৰে বি টি চি শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে বি টি এ ডি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই।

আনহাতে কোকৰাঝাৰ জিলা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে শুকুৰবাৰে ফকিৰাগ্ৰামত চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পুত্তলিকা দাহ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in