কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ ৰণডংকা বিপিএফৰ, পুনৰ ২ আসনত প্ৰাৰ্থী ঘোষণা হাগ্ৰামাৰ, ৪০ সমষ্টিৰ ৫০০টাকৈ আত্মসহায়ক গোটলৈ ৫০০০ টকাৰ অনুদান

কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ ৰণডংকা বিপিএফৰ, পুনৰ ২ আসনত প্ৰাৰ্থী ঘোষণা হাগ্ৰামাৰ, ৪০ সমষ্টিৰ ৫০০টাকৈ আত্মসহায়ক গোটলৈ ৫০০০ টকাৰ অনুদান

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিছমুৰীত মঙলবাৰে বিপিএফে নিৰ্বাচনী ৰণডংকা বজায়। বিছমুৰীত আয়োজিত হোৱা বিপিএফৰ মহিলা গণসমাৱেশ একপ্ৰকাৰ জনসমুদ্ৰত পৰিণত হয়। আগন্তুক বিটিচি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী কুছকাৱাজৰ মাজতে মঙলবাৰে বিপিএফে বিশাল মহিলা গণসমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে।

বিপিএফৰ মহিলা নঞ্চৰ দ্বাৰা আয়োজিত উক্ত বিশাল গণসমাৱেশত বিপিএফৰ প্ৰায়ভাগ নেতা-কৰ্মী, সাংসদ, বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য, নিৰ্বাচিত সদস্য উপস্থিত থকাৰ লগতে প্ৰায় অৰ্ধ লক্ষাধিক সাধাৰণ ৰাইজ উপস্থিত থাকে। ইয়াৰোপৰি উক্ত বিশাল গণসমাৱেশতে এবছু আৰু ইউপিপিএলৰ ১১৪ গৰাকী সদস্যই বিপিএফ দলত যোগদান কৰে। উক্ত মহিলা গণসমাৱেশতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বাগানপাৰা আৰু যমদুৱাৰ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে।

ইয়াৰে বাগানপাৰা সমষ্টিৰ বাবে ফলিন্দ্ৰ বসুমতাৰী আৰু যমদুৱাৰ সমষ্টিৰ বাবে ৰেওৰেওৱা নাৰ্জিহাৰীৰ নাম ঘোষণা কৰে। বৰ্তমানলৈকে বিপিএফে ১৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে আৰু চৰকাৰ গঠন কৰিবলৈ মাথো তিনিখন আসনৰ প্ৰয়োজন বুলি উল্লেখ কৰি চৰকাৰ বিপিএফ, বিজেপি আৰু অগপৰ মিত্ৰতাতে গঠিত হ'ব বুলি মন্তব্য কৰে মহিলাৰীয়ে। এবছু মুল ফেক্টৰ হ'ব বুলি উল্লেখ কৰি বিপিএফে সকলো জাতি জনগোষ্ঠীৰ সমউন্নয়নৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰিছে।

তদুপৰি নিৰ্বাচনৰ পূৰ্বে বিটিচি পৰিষদীয় ৪০ টা সমষ্টিৰ প্ৰতিটো সমষ্টিৰে ৫০০টাকৈ আত্মসহায়ক গোটক ৫০০০টকাকৈ অনুদান দিয়া হ'ব বুলি ঘোষণা কৰি আশাকৰ্মী আৰু ৰান্ধনীসকলক চাইকেল প্ৰদান কৰা হ'ব বুলিও কয় হ্ৰাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনত বিজেপিৰ অগপৰ সৈতে আসন বুজাবুজি হ'ব বুলি উল্লেখ কৰি অধিকসংখ্যক আসনতে বিপিএফে প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিছে।

ইপিনে মহিলা গণসমাৱেশত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিপিএফ মিত্ৰজোঁটে বিটিচিৰ ৪০ খন আসনৰ ভিতৰত ৪০ খন আসনেই দখল কৰিব বুলি দাবী কৰিছে।

উল্লেখ্য যে, মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মহিলা গণসমাৱেশৰ মুকলি সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিধায়িকা কমলী বসুমতাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক ইমানুৱেল মুছাহাৰী আদিকে ধৰি বিপিএফৰ প্ৰায়ভাগ নেতাই উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in