বিটিএডিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা, ‘চৰকাৰত অংশীদাৰিত্ব থাকিব বিজেপিৰ’, কাৰ সৈতে কৰিব মিত্ৰতা…

বিটিএডিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা, ‘চৰকাৰত অংশীদাৰিত্ব থাকিব বিজেপিৰ’, কাৰ সৈতে কৰিব মিত্ৰতা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডি নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই বিজেপিয়ে কাৰ সৈতে মিত্ৰতা কৰিব তাকে লৈ সঘনে প্ৰশ্ন উত্থাপিত হোৱাৰ সময়তে শনিবাৰে বিজেপিৰ মুখপাত্ৰ তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই মিত্ৰতা সন্দৰ্ভত দলীয় শীৰ্ষ নেৰ্তৃত্বই দুই এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে। কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ হৰিণাগুৰীত আজি বাংখুংগ্ৰী মণ্ডল কমিটিৰ উদ্যোগত হৰিণাগুৰী খেলপথাৰত অনুষ্ঠিত হোৱা বিৰাট দলীয় সমাৰোহত অংশগ্ৰহণ কৰি বিজেপিৰ মুখপাত্ৰ তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে, মিত্ৰতা কাৰ লগত হ'ব, কেনেধৰণে হ'ব, বিজেপিয়ে কিমান আসনত নিৰ্বাচন খেলিব সেই সন্দৰ্ভত দলৰ শীৰ্ষ নেৰ্তৃত্বই সিদ্ধান্ত লব যদিও এয়া নিশ্চিত যে এইবাৰ বিজেপি দলে নিশ্চিতভাৱে বিটিচি চৰকাৰৰ অংশীদাৰিত্বত থাকিব।

বিজেপি চৰকাৰৰ দিনতে সশস্ত্ৰপন্থীসকলে মূলসুঁতিলৈ ঘূৰি অহাটো চৰকাৰৰ কৃৰ্তিত্ব বুলি মন্তব্য কৰি বিজেপি দল শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিব লাগে বুলি ৰাইজে দাবী উত্থাপন কৰাৰ পৰিণতিতে তথা শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ নিৰ্বাচন খেলাটো জৰুৰী আৰু সেয়েহে বিজেপিয়ে নিৰ্বাচন খেলাটো খাটাং বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। অৱশ্যে কাক লৈ মিত্ৰ দল গঠন হ'ব, বিজেপিয়ে কিমান আসনত নিৰ্বাচন খেলিব নে অকলশৰে নিৰ্বাচনত অবতীৰ্ণ হ'ব সেয়া অতিশীঘ্ৰে দলীয় শীৰ্ষ নেৰ্তৃত্বই সাংগঠনিক স্থিতিৰ ওপৰত ভিত্তি কৰি তথা দলীয় বাৰ্তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব বুলি সদৰি কৰে বিজেপিৰ মুখপাত্ৰ তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

ইপিনে জয়ন্ত মল্ল বৰুৱাই দূৰ্নীতিৰ ওপৰত বিজেপিৰ শূণ্য সহনশীলতা নীতি অব্যাহত আছে বুলি সদৰি কৰি এইক্ষেত্ৰত সাংসদৰ কন্যাও সাৰি যোৱা নাই বুলি মন্তব্য কৰি তথ্য সহকাৰে দুৰ্নীতিৰ অভিযোগ পালে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে, শনিবাৰে বাংখুংগ্ৰী মণ্ডল কমিটিৰ উদ্যোগত হৰিণাগুৰী খেলপথাৰত অনুষ্ঠিত হোৱা বিৰাট দলীয় সমাৰোহত বিজেপিৰ জিলা সম্পাদক দেৱৰাজ পাল, বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী ৰাজকুমাৰ ব্ৰহ্ম, কেবাখনো গাঁৱৰ গাওঁবুঢ়া আদিকে ধৰি সহস্ৰাধিক সাধাৰণ জনতাই সভাত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, বিজেপিয়ে ক্ৰমাগতভাৱে বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিতে সাংগঠনিক স্থিতি সবল কৰিবলৈ জোৰদাৰ প্ৰচাৰ অভিযান আৰু সভা অনুষ্ঠিত কৰি আহিছে। আগন্তুক বিটিচি পৰিষদীয় চৰকাৰৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ বিজেপিয়ে আৰম্ভ কৰা প্ৰচেষ্টা কিমানদূৰ ফলৱতী হয় সেয়া অচিৰেই পৰিস্ফুট হৈ পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in