কোকৰাঝাৰ হৈ পৰিল গেৰুৱাময়ঃ সহস্ৰাধিক সমৰ্থকেৰে বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে আৰু কবিতা বসুমতাৰীৰ মনোনয়ন দাখিল…

কোকৰাঝাৰ হৈ পৰিল গেৰুৱাময়ঃ  সহস্ৰাধিক সমৰ্থকেৰে বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে আৰু কবিতা বসুমতাৰীৰ মনোনয়ন দাখিল…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিপিএফৰ দূৰ্গ বুলি খ্যাত কোকৰাঝাৰ বুধবাৰে কাৰ্যত গেৰুৱাময় হৈ পৰিল । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে আৰু ছালাকাটি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কবিতা বসুমতাৰীয়ে আজি হাজাৰ হাজাৰ সমৰ্থকক লৈ পৰস্পৰাগত নৃত্য বাদ্যৰে বিশাল সমদল কৰি নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে।

বিজেপিৰ দ্বাৰা ঘোষিত ২৬ জনীয়া তালিকাৰ ভিতৰৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থকসকলে তিতাগুৰীৰ প্ৰাৰ্থীৰ বাসভৱনৰ পৰা বিশাল শোভাযাত্ৰা কৰি কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰি মনোনয়নপত্ৰ দাখিল কৰে ।

সংবাদমাধ্যমৰ আগত অৰূপ কুমাৰ দে ই নিজৰ বিজয় সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰি বিজেপিয়ে সকলোকে লৈ আগবাঢ়ি যোৱাৰ নীতিৰ বাবেই বিটিচিত বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে । বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ বুলি দাবী কৰিছে অৰূপ কুমাৰ দেই ।

আনহাতে ছালাকাটি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কবিতা বসুমতাৰীয়ে বিটিচিত বিপিএফ -বিজেপিৰ মিত্ৰতা নাই বুলি দাবী কৰিছে । ইপিনে আজি মনোনয়নৰ অন্তিম দিনা ফকিৰাগ্ৰাম সমষ্টিত ১৩ গৰাকী , বনৰগাওঁ সমষ্টিত এগৰাকী , বাওখুংগ্ৰী সমষ্টিত ০৩ গৰাকী প্ৰাৰ্থীয়ে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in