২০০২ৰ ১৪ জুলাইত কোকৰাঝাৰৰ মালিগাঁৱত সন্ত্ৰাসবাদীয়ে পিতৃ-মাতৃক হত্যা কৰা বিতিয়াৰ পৰিয়ালৰ সন্ধান লাগে এন আৰ চিৰ বাবে…

২০০২ৰ ১৪ জুলাইত কোকৰাঝাৰৰ মালিগাঁৱত সন্ত্ৰাসবাদীয়ে পিতৃ-মাতৃক হত্যা কৰা বিতিয়াৰ পৰিয়ালৰ সন্ধান লাগে এন আৰ চিৰ বাবে…

ডিজিটেল ডেস্কঃ এজনী ১৬ বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ পিতৃ ব্যস্ত তেওঁৰ কন্যাৰ পৰিয়ালৰ সন্ধানত! কথাষাৰ শুনিবলৈ আচৰিত আৰু বিশ্বাস কৰিবলৈ টান যেন লাগিছে। কিন্তু এয়া এক সঁচা কাহিনী। সেই পিতৃৰ অনুৰোধ মৰ্মে তেওঁলোকৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাই। কিন্তু সেই কিশোৰীগৰাকীৰ পৰিয়ালৰ সন্ধানত প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।

এতিয়া কিশোৰীগৰাকীৰ কোনো অভাৱ নাই। মাক-দেউতাকৰ সৈতে তেওঁ এক বিলাসী জীৱনেই কটাইছে। কিশোৰীগৰাকীয়ে নাজানে নিজৰ বিষয়েও । কিন্তু সেই সকলো ঘটনাৰ সাক্ষী তেওঁৰ পিতৃ। ঘৰৰ পৰা পিতৃ ওলাই আহিছিল কন্যাৰ আত্মীয়-স্বজনৰ সন্ধান বিচাৰি।

কৰুণ এই কাহিনীৰ পটভূমিৰ বাবে ঘূৰি যাব লাগিব ২০০২ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ জৰ্জৰিত সংঘৰ্ষলৈ। আদিবাসী এখন বন গাঁৱত সেইদিনা চলিছিল আক্ৰমণ। সন্দেহযুক্ত এন ডি এফ বি সদস্যই চলোৱা আক্ৰমণত মৃত্যু হৈছিল ৯জনকৈ আদিবাসী লোক।

সেই ৯জনৰ ভিতৰতে আছিল এই কিশোৰীগৰাকীৰ পিতৃ-মাতৃও। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ তিনি মাহ। বন্দুকৰ গুলীৰে থকা-সৰকা কৰা মাতৃৰ বুকুত সোমাই থকা এই কন্যা শিশুৰ প্ৰাণৰক্ষা হৈছিল সেইদিনা।

এই ঘটনাত আন দুই শিশুৰ দৰে নিঠৰুৱা হৈছিল এই কিশোৰীগৰাকীও। কিশোৰীগৰাকীৰ নাম আছিল বিতিয়া হাছদা।২০০২ৰ ১৪ জুলাইত এই নিষ্পাপ শিশুটিৰ সৰ্বহাৰা হৈছিল। কোকৰাঝাৰৰ মালিগাঁৱত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা।

নিষ্ঠুৰ ঘাতকৰ হাতত নিহত হোৱা লোকসকলৰ ভিতৰত আছিল বিজয় মাদ্ৰী। বিজয়ৰ বয়স তেতিয়া আছিল মাত্ৰ ২ সপ্তাহ। বিজয়ৰ মাতৃ সোণমণি হাছদা নিহত হৈছিল এই আক্ৰমণত। লিলি নামৰ আন এগৰাকী শিশুও ঘাটমাওৰা হৈছিল এই ঘটনাত।

কোকৰাঝাৰৰ ভূমকাৰ মালিগাঁৱত এই ঘটনা সংঘটিত হোৱাৰ পাছত তিনিটি শিশু আশ্ৰয়হাৰা হৈ পৰিছিল। বিতিয়াৰ তেতিয়া আশ্ৰয় দায়িত্ব লৈছিল কোকৰাঝাৰত কৰ্মৰত এজন চৰকাৰী বিষয়াই। এটা পৰিয়ালক তেওঁ বিটিয়াক তুলি-টালি ডাঙৰ-দীঘল কৰাৰ দায়িত্ব দিছিল। বিনিময়ত দিছিল কিছু ধন।

তিনি বছৰ মান বয়সত বিতিয়াক সেই পৰিয়ালটোৱে চোৱা-চিতা নকৰাত এক প্ৰকাৰৰ অঘৰী হৈ পৰিছিল কণমানি ছোৱালীজনী। তেওঁ হাঁহ-কুকুৰাৰ গঁড়ালতে কটাইছিল জীৱন। সেই সময়তে জাৰ্মানীৰ পৰা আহিছিল এক মানৱ অধিকাৰ সংগঠনৰ প্ৰতিনিধি।

বিতিয়াৰ জীৱনৰ এই কৰুণ ঘটনাৰ বিষয়ে গম পাই তেওঁলোকে বিষয়টো পুনৰ চৰ্চালৈ অনাত কোকৰাঝাৰ প্ৰশাসনে বিতিয়াক কোকৰাঝাৰৰ পৰা পঠিয়াই দিছিল গুৱাহাটীৰ এখন অনাথ আশ্ৰমলৈ। গুৱাহাটীৰ সেই অনাথ আশ্ৰমখনত নাছিল কন্যা শিশুৰ বাবে আশ্ৰয় ব্যৱস্থা। সেয়েহে কিছুদিন তাতে ৰখাই তেওঁক প্ৰেৰণ কৰা হৈছিল নগাঁৱৰ এখন আশ্ৰমলৈ।

তাৰ পৰাই এতিয়া বিতিয়াৰ আত্মীয়ৰ সন্ধান কৰা পিতৃয়ে তুলি লৈছিল ছোৱালীজনীক। তেতিয়াৰ বিতিয়াৰ বয়স আছিল মাত্ৰ ৩ বছৰ ৬ মাহ। এজন অধিবক্তাই পিতৃ-মাতৃক হেৰুওৱা বিতিয়াই চৰকাৰৰ পৰা কিয় ক্ষতিপূৰণ নাপালে বুলি ৰুজু কৰিছিল গোচৰ।

বিতিয়াৰ আত্মীয়ৰ সন্ধানত থকা এতিয়াৰ পিতৃয়ে জনাইছিল এই কথা। আদালতে এই অনাথ শিশুটিৰ ক্ষেত্ৰত ৰাজ্য প্ৰশাসনে চূড়ান্ত অৱহেলা কৰাৰ অভিযোগ তুলি প্ৰায় ৮ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ দিছিল। বিতিয়াক তুলি লোৱা সন্তানহীন পিতৃ-মাতৃয়ে সেই ধন গ্ৰহণ নকৰিলে। কিয়নো ১৮ বছৰ বয়সতহে বিতিয়াই সেই ধন পাব বুলি চৰকাৰী নিৰ্দেশত কোৱা হৈছিল।

বিতিয়াৰ এতিয়াৰ পিতৃৰ যুক্তি আছিল- বিতিয়াই জানিব নালাগে নিজৰ অতীত। তেওঁলোকে বিতিয়াক নতুন নাম দি সকলো ধৰণৰ সন্তানক দিব লগা সা-সুবিধা দিছিল বিটিয়াক। চৰকাৰে ক্ষতিপূৰণ ৰূপে দিয়া ধন ৩খন অনাথ আশ্ৰমত ভগাই দিবলৈ দিছিল বিটিয়াৰ এতিয়াৰ পিতৃয়ে।

এইখিনিলৈকে সকলো ঠিকে আছিল। কিন্তু এতিয়া এন আৰ চি উন্নীতকৰণৰ সময়ত প্ৰয়োজন হৈছে বিতিয়াৰ লিগেচী ডাটা। আৰ্থিকভাৱে স্বচ্ছল পিতৃয়ে এফালে বিটিয়াক জনাব নোখোজে সেই অতীতৰ কাহিনী। আনফালে অতি গোপনে বিচাৰি ফুৰিছে বিটিয়াৰ আত্মীয়ৰ সন্ধান।

বিতিয়াৰ বিষয়ে সকলো কৈও তেওঁ কৈছিল- এইবোৰ কথা গম পালে ১৬ বছৰীয়া তেওঁৰ কন্যাই কি কৰে ঠিক নাই। অতি জেদি আৰু মৰমৰ মাজত ডাঙৰ হোৱা বিটিয়া তেওঁলোকৰ যে তুলনীয়া সন্তান সেই কথা কোনো পধ্যেই জানিব দিবলৈ নিবিচাৰে পিতৃয়ে।

বিতিয়াৰ আত্মীয়ৰ সন্ধান উলিয়াবলৈ সেই সময়ত এই বাতৰি পৰিবেশন কৰা সাংবাদিকৰ সৈতেও আমি যোগাযোগ কৰিছিলো। পিতৃক দিয়া আশ্বাস অনুসৰি, তেওঁ আৰু বিতিয়াৰ বিষয়ে কোনো কথা ৰাজহুৱা নকৰাৰ প্ৰতিশ্ৰুতি দি সন্ধান কৰিছিলো কোকৰাঝাৰৰ মালিগাঁৱত তেওঁৰ পৰিয়ালৰ।

আদিবাসী ছাত্ৰ সন্থাৰ এজন জ্যেষ্ঠ নেতাৰ সৈতেও আমি যোগাযোগ কৰিছিলো এই সন্দৰ্ভত। কোকৰাঝাৰ আৰক্ষীৰ সৈতেও যোগাযোগ কৰাত তেনে ঘটনা সংঘটিত হোৱাৰ তথ্য আছে বুলি জনালেও, বিতিয়াৰ কি হ'ল সেই কথা তেওঁলোকে নাজানো বুলি জানিবলৈ দিলে।

এই ঘটনাই হয়তো বিতিয়াৰ কোনো আত্মীয় থাকিলে সেই কণমানি ছোৱালীজনীৰ বিষয়ে কথাবোৰ মনত পৰিব। সেয়েহে এই কথাখিনি বিতিয়াৰ বৰ্তমানৰ পৰিচয়, তুলি-টালি ডাঙৰ-দীঘল কৰা পিতৃৰ পৰিচয় গোপনে ৰাখি প্ৰকাশ কৰা হৈছে।

বিতিয়াৰ এতিয়াৰ পিতৃৰ আহ্বান- তেওঁৰ কোনো আত্মীয় থাকিলে আত্মীয়ৰ সৈতে তেওঁ যোগাযোগ কৰিব। অৱশ্যে বিতিয়াৰ এতিয়াৰ পিতৃয়ে তেওঁৰ যোগাযোগৰ বাবে গোপনীয়তাৰ খাটিৰতে ম'বাইল নম্বৰটো দিয়াৰো ইচ্ছা ব্যক্ত নকৰিলে।

এই সন্দৰ্ভত কিবা তথ্য থাকিলে যোগাযোগ কৰিব পাৰে ৯৯৫৪৫৪৪৪৫০ নম্বৰত। উল্লেখযোগ্য যে, ২০০২চনৰ ১৪ জুলাইৰ নিশা নিষ্ঠুৰ ঘাতকৰ আক্ৰমণত প্ৰাণ গৈছিল বিটিয়াৰ পিতৃ-মাতৃৰ। কোকৰাঝাৰৰ ভূমকাৰ মালিগাঁৱত সংঘটিত হৈছিল এই ঘটনা। যি ঘটনাত ৯ জনকৈ আদিবাসী লোকে প্ৰাণ হেৰুৱাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in