কোকৰাঝাৰত মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ দীৰ্ঘদিন ধৰি কোকৰাঝাৰ চহৰত মটৰ চাইকেল চুৰি কৰি সৰ্বসাধাৰণ লোকৰ নিদ্ৰাহৰণ কৰাৰ পিছত আৰক্ষীয়ে অৱশেষত এজন মটৰ চাইকেল চোৰক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্ৰেপ্তাৰ হোৱা মটৰ চাইকেল চোৰ গৰাকীক ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ময়াৰচৰৰ আমিৰ হুছেইন ভূঞা বুলি চিনাক্ত কৰা হৈছে৷

অৱশ্যে আন দুজন চোৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে সদৰি কৰা মতে শুকুৰবাৰে দুপৰীয়া কোকৰাঝাৰ সদৰথানাৰ সন্মুখত এখন মটৰ চাইকেল চোৰ কৰাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি চোৰ চোৰ বুলি চিঞৰিবলৈ ধৰাত আৰক্ষীয়ে চোৰ গৰাকীক হাতে লোটে গ্ৰেপ্তাৰ কৰে যদিও লগত আন দুজন গভাইত চোৰ ক্ৰমে-সৰিপ উদ্দিন (ময়াৰচৰ)আৰু জালাল সেখ (গোয়ালেচৰ) পলাবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in