মাটিকেন্দ্ৰিক বিবাদঃ গুৰুতৰভাৱে আহত মহিলাসহ ৮ গৰাকী ব্যক্তি…

মাটিকেন্দ্ৰিক বিবাদঃ গুৰুতৰভাৱে আহত মহিলাসহ ৮ গৰাকী ব্যক্তি…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ অন্তৰ্গত যুমনাটাৰীত মাটিকেন্দ্ৰিক বিবাদৰ ফলত মহিলাসহ ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে । দুই ফৈদৰ মাজত হোৱা মাটিকেন্দ্ৰিক বিবাদৰ ফলত আহত হোৱা ব্যাক্তিসকল হৈছে জাহাংগীৰ আলম (৩৫,, যমুনাটাৰী) , জহিৰুল ইছলাম(২৮ ,, যমুনাটাৰী) , মিজানুৰ ৰহমান(২১, হংসবিল), আকবৰ আলি (৫৫, পানবাৰী), মৰিয়ম বিবি (৪৫ ,, যুমুনাটাৰী), জনাতুন বিবি (২৮,যমুনাটাৰী), জয়দুৰ আলি(৩৫,হংসবিল)আৰু মুস্তাফা আলি(৩২,যমুনাটাৰী)। আটাইকেইজন সম্প্ৰতি সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰএনবি চিকিৎসালয় আৰু এমআৰএম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

প্ৰাপ্ত বাতৰি অনুসৰি মাটি আৰু সম্পত্তিকেন্দ্ৰিক বিবাদৰ ফলত যুমনাটাৰীত বুধবাৰে দুপৰীয়া দুই ফৈদৰ মাজত ভয়ানক মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু দুয়ো ফৈদৰ প্ৰায় ১০-১২ গৰাকী লোক আহত হয় । আহতসকলক কোকৰাঝাৰ আৰএনবি চিকিৎসালয় আৰু এমআৰএম চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত কম পৰিমাণে আঘাতপ্ৰাপ্ত লোকসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হয় যদিও গুৰুতৰভাৱে আহত আঠগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্বন্ধত ককাই -ভাই অৰ্থাৎ দুই ফৈদৰ মাজত সংঘটিত হোৱা মাটিকেন্দ্ৰিক বিবাদৰ সময়ছোৱাত দুয়োপক্ষই লাঠি , জং চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত হতাহতৰ সংখ্যা বৃদ্ধি পায় । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in