কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভূমকীৰ এয়াৰটেল টাৱাৰৰ সন্মুখত মঙলবাৰে এক ভয়াৱহ দূৰ্ঘটনাৰ ফলত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষককে ধৰি আন দুগৰাকী শিশু গুৰুতৰভাৱে আহত হয়। আহত অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকী হ'ল অণ্ঠাইবাৰীৰ ঋষীমোহন নাথ আৰু শিশু দুগৰাকী হ'ল অণ্ঠাইবাৰীৰ মহেশ্বৰ নাথৰ পুত্ৰ তন্ময় নাথ(৯) আৰু পুণ্য নাথৰ পুত্ৰ ভৈৰৱ নাথ (১৪)।

প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি ছালাকাটিৰ দিশৰ পৰা অহা এএছ১৬-চি-৬৫১৫ নম্বৰৰ এখন টাটা মেক্সিমো গাড়ীয়ে বজাৰ অভিমুখে গৈ থকা ঋষীমোহন নাথ আৰু মেলা চাবলৈ যোৱা তন্ময় নাথ আৰু ভৈৰৱ নাথক সন্মুখৰ পৰাই খুন্দা মাৰে। ইয়াৰে তন্ময় নাথ গাড়ীৰ খুন্দাত দৈব্যক্ৰমে চিটিকি পৰাৰ বাবে সামান্য পৰিমাণে আহত হয় যদিও ঋষীমোহন নাথ আৰু ভৈৰৱ নাথ গুৰুতৰভাৱে আহত হয়। ইয়াৰে ভৈৰৱ নাথ গাড়ীৰ তলত সোমাই পৰাত উদণ্ড চালকে প্ৰায় এক কিলোমিটাৰ তেনেকৈয়ে চোচৰাই লৈ যায়।

পিছত স্থানীয় ৰাইজে চালকক আটক কৰি উত্তম মধ্যম সোধাই ছালাকাটি আৰক্ষী চকীত গতাই দিয়ে। অভিযোগ অনুসৰি টাটা মেক্সিমোৰ চালক নিৰ্মল দেৱ নাথ সেইসময়ত সুৰাৰ ৰাগীত মতলীয়া হৈ আছিল যাৰ পৰিণতিতে ভয়াৱহ দূৰ্ঘটনাটো সংঘটিত হ'ল। সম্প্ৰতি আহত অৱসৰপ্ৰাপ্ত শিক্ষক ঋষীমোহন নাথ আৰু ভৈৰৱ নাথৰ অৱস্থা সংকটজনক হৈ পৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আছাম ৰিচাৰ্জ চেণ্টাৰ আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে চালক নিৰ্মল দেব নাথক আটক কৰাৰ লগতে মেক্সিমো গাড়ীখনো জব্দ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in