বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত এবছুৰ মমবাতি প্ৰজ্জ্বলন…

বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত এবছুৰ মমবাতি প্ৰজ্জ্বলন…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে সোমবাৰে মমবাতি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ন কৰে। বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ কেবামাহ উকলি যোৱাৰ পিছতো চুক্তিৰ দফাসমূহ ৰূপায়ন নোহোৱাত চুক্তি স্বাক্ষৰকাৰী সকলৰ মাজত অসন্তুষ্টি দেখা দিয়াৰ সময়তে অসমৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰবিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বি টি আৰ চুক্তি ৰূপায়ণ কৰাৰ বাবে আলোচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰা পিছতে এবছুৱে সোমবাৰে সন্ধিয়া ৬ বজাত উক্ত কাৰ্যসূচী ৰূপায়ন কৰে।

কোকৰাঝাৰ চহৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত অনুষ্ঠিত হোৱা মমবাতি প্ৰজ্বলন কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীকে ধৰি আন কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰি মমবাতি প্ৰজ্বলন কৰি বিটিআৰ চুক্তিৰ প্ৰতিটো দফা সোনকালে ৰূপায়নৰ দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in