মৌলানা আবুল কালাম আজাদৰ মৃত্যু দিৱস পালন এবিএমছুৰ

মৌলানা আবুল কালাম আজাদৰ মৃত্যু দিৱস পালন এবিএমছুৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মৌলানা আবুল কালাম আজাদৰ মৃত্যু দিৱস শনিবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰে৷ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু জিয়াগুৰী গৌৰাংনগৰ আঞ্চলিক সমিতিৰ সহযোগত জিলাখনৰ ২৯১ নং আমবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত ৰাতিপুৱাৰ পৰা কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতা সমূহৰ অন্তত দুপৰীয়া বঁটা বিতৰণী আৰু মুকলি সভাও অনুষ্ঠিত কৰা হয়৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত অনুষ্ঠিত হোৱা মুকলি সভাত এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জাইদুল ইছলাম, জিলা সভাপতি নজৰুল ইছলাম, সাধাৰণ সম্পাদক আতাউৰ ৰহমান, কাৰ্যকৰী সভাপতি মনিৰুজ্জামান, উপসভাপতি দ্বয় আমিৰ আলী আৰু সেখ আনছাৰুল ৰহমানকে ধৰি অঞ্চলটোৰ শিক্ষক, শিক্ষয়িত্ৰীয়ে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আবুল কালাম আজাদৰ জীৱন, আদৰ্শৰ ওপৰত বক্তব্য আগবঢ়ায়।

ইপিনে পানেৰীৰ খাইৰুল হক নামৰ ব্যক্তি এজনক দুৰ্বৃত্তই গুলিয়াই হত্যা কৰা ঘটনাকো তীব্ৰ গৰিহণা জনাই নিহত খাইৰুলৰ পৰিয়ালৰ নিকটতম আত্মীয়ক ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে এবিএমছুৰ সহকাৰী সম্পাদক জাইদুল ইছলাম আৰু জিলা সভাপতি নজৰুল ইছলামে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in