অভয়াকুটিৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী…

অভয়াকুটিৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী…

অভয়াকুটিৰ দুই ভগ্নীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী…

জিটেল সংবাদ কোকৰাঝাৰ: ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান(২২) কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনিটা মুল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০) , নজিবুল আলি(১৯) আৰু ফৰিজুল ৰহমান(২২)ক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল । কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২১ মৰ্মে অভিযুক্ত তিনিটাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ অন্তত অভিযুক্ত তিনিটাই নিজৰ দোষ স্বীকাৰ কৰে । ইয়াৰে ফৰিজুল ৰহমান নামৰ অভিযুক্তটোৱে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী নাবালিকাৰ এটা মোবাইল শালবাৰী এলেকাত লুকুৱাই থোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰাত বুধবাৰে নিশা তদন্তকাৰী দল এটাই অভিযুক্ত ফৰিজুলক শালবাৰী এলেকালৈ লৈ যায় ।

অভিযুক্তক ফৰিজুলকলৈ আৰক্ষীৰ দলটোৱে বেদলাংমাৰী এলেকাত উপস্থিত হোৱাৰ পিছত লুকুৱাই থোৱা মোবাইলটো দেখুওৱাৰ চলেৰ অভিযুক্ত ফৰিজুল ঘন জংঘলৰ ভিতৰত সোমাই যায় । ইয়াৰ পাছতে হেণ্ডকাফ ধৰি থকা আৰক্ষী কনিষ্টবলজনক আক্ৰমন কৰি অভিযুক্ত ফৰিজুল পলাই যাবলৈ চেষ্ঠা কৰে যদিও ব্যৰ্থ হয়। কনিষ্টবল জনল সৈতে হোৱা এই টনা-আজোৰাত হেণ্ডকাফে ফৰিজুলৰ হাত কাটে। ক্ষন্তেক সময় পিছতে পুনৰ ফৰিজুলে মোবাইল বিচৰাৰ নামত ঘন আন্ধাৰ আৰু জংঘলৰ সুযোগ লৈ আৰক্ষীক আক্ৰমন কৰি পলাবলৈ চেষ্ঠা কৰাত আৰক্ষীয়ে বাধ্য হৈ দুঁজাই গুলীচালনা কৰে । ইয়াৰে এটা গুলী ফৰিজুলৰ ভৰিত আঘাত কৰে। ভৰিত গুলী লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ফৰিজুল।

ইয়াৰ পাছত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফৰিজুল ৰহমানক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰে আৰু পৰবৰ্তীসময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । এই সমগ্ৰ ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in