কোকৰাঝাৰ জিলা এবছুৰ অধিবেশন…

কোকৰাঝাৰ জিলা এবছুৰ অধিবেশন…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: এবছু হ'ল বড়োজাতিৰ মেৰদণ্ড স্বৰূপ । এবছুৰ বাবেই বড়ো জনগোষ্ঠী আগুৱাই যাবলৈ সক্ষম হৈছে । সমাজৰ উন্নয়নৰ বাবে কাম কৰা সকলো ছাত্ৰ সংগঠন , জাতীয় সংগঠনক লৈ আমি আগুৱাই যাব লাগিব ।- এই মন্তব্য প্ৰকাশ কৰিছে এবছুৰ প্ৰাক্তন সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চিম্বৰগাঁৱত অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলাৰ ৫২ তম এবছুৰ অধিবেশনত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰমোদ বড়োই উক্ত মন্তব্য কৰে। প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত কয় যে- সুস্থ্য , হিংসামুক্ত , শান্তিৰ সমাজ আমাৰ সকলোৰে কাম্য । বিগত ৩০ -৪০ টা বছৰে অঞ্চলটোত বিভিন্ন ঘটনা সংঘটিত হ'ল । এতিয়া সকলোকে লৈ সকলো দিশত উন্নয়ন কৰাই হ'ল আমাৰ লক্ষ্য । অকল এবছুৱে নহয় , সমাজৰ উন্নয়নৰ বাবে কাম কৰা প্ৰতিটো ছাত্ৰ সংগঠন , জাতীয় সংগঠনৰ সতে আমি সহযোগিতাৰে কাম কৰিম বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই ।

এনডিএফবিৰ পুনৰ সংস্থাপন আৰু গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োই কয় যে- বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰী এতিয়াও কাৰাবন্দী হৈ আছে । ৰঞ্জন দৈমাৰীৰ লগতে আন সকলো সংগ্ৰামীক আইনগত পদ্ধতিৰে মুকলি কৰি দিবলৈ আহ্বান জনাই অসম চৰকাৰে এনডিএফবিৰ কেছ সমুহ নিষ্পত্তি কৰিবলৈ ৪ খন বিশেষ কৰ্ট বহুওৱাৰ অনুমতি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰস্তাৱ পঠোৱা কাৰ্যক আদৰণি জনাইছে প্ৰমোদ বড়োই ।

এনডিএফবিৰ কেছ সমুহ নিষ্পত্তি হোৱাৰ আশা প্ৰকাশ কৰি প্ৰমোদ বড়োই অসম চৰকাৰে এনডিএফবিৰ সদস্যসকলক পুণৰসংস্থানৰ বাবে লোৱা পদক্ষেপক কৃতজ্ঞতা জনাইছে । তদুপৰি সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰমোদ বড়োই আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজিবলৈ ইউপিপিএল দল সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰে। মিত্ৰতা সন্দৰ্ভত এতিয়াও চুড়ান্ত সিদ্ধান্ত বাকী যদিও ৰাষ্ট্ৰীয় কিছু সমস্যা নিয়াৰীকৈ সম্পন্ন কৰিবলৈ হলে ৰাষ্ট্ৰীয় দলৰ সহায়ৰ প্ৰয়োজন হয় বুলি মন্তব্য কৰি বিটিচি গঠন হওঁতেও এনডিএ চৰকাৰ আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰমোদ বড়োই ।

ইফালে, এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ৫২তম অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে সংবাদমাধ্যমৰ আগত অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে বিটিআৰ চুক্তি দিৱস উদযাপন কৰা হ'ব । প্ৰথমদিনা গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব আৰু এনডিএফবিৰ গোচৰ নিষ্পত্তিৰ পদ্ধতিগত প্ৰাৰম্ভিক তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে । বিটিআৰ চুক্তিৰ ৯. ৪ নং দফাত এনডিএফবিৰ গোচৰ নিষ্পত্তিকৰণৰ কথা উল্লেখ আছে বুলি মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাইছে ।

উল্লেখ্য যে, অধিবেশনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন , বন্তি প্ৰজ্বলন অনুষ্ঠান সুকলমে সম্পন্ন হোৱাৰ পিছত এবছুৰ চিম্বৰগাঁও আঞ্চলিক কাৰ্যালয় প্ৰাংগনত ৬ গৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত আৱক্ষ মূৰ্তি নিৰ্মানৰ বাবে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে আধাৰশীলা স্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in