কোকৰাঝাৰত আটক ৭ দুধৰ্ষ কেএলঅ’, বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ, সংবাদমেলত কি ক’লে আৰক্ষীয়ে, VIDEO

কোকৰাঝাৰত আটক ৭ দুধৰ্ষ কেএলঅ’, বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ, সংবাদমেলত কি ক’লে আৰক্ষীয়ে, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লকডাউনৰ মাজতে কোকৰাঝাৰ আৰক্ষী আৰু সেনাবাহিনীয়ে যৌথ অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কোকৰাঝাৰত আৰক্ষী আৰু সেনাই বৃহস্পতিবাৰে মাজনিশা চক্ৰশীলা অভয়াৰণ্যত যৌথ অভিযান চলাই ৭ জনকৈ দুধৰ্ষ কেএলঅ' নেতা সদস্যক আটক কৰাৰ লগতে বিপুল পৰিমাণৰ গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অভিযানকালত সেনা-আৰক্ষীয়ে সাতটা পিষ্টল, সাতটা মেগজিন, গুলী – বাৰুদ, খুকুৰী, বেগ, কাপোৰ, ৰন্ধন সৰঞ্জাম, ধনদাবী পত্ৰৰ লগতে আপত্তিজনক নথিপত্ৰ জব্দ কৰে। শুকুৰবাৰে দুপৰীয়া ১১:৩০ বজাত কোকৰাঝাৰ সদৰ থানাত সেনা-আৰক্ষীয়ে যৌথভাৱে সংবাদমেল অনুষ্ঠিত কৰি কয় যে-
অভিযানত কেএলঅ'ৰ অন্যতম শীৰ্ষ নেতা তথা মষ্ট ওৱাণ্টেট আৰু নামনি অসমৰ দায়িত্বত থকা ম্যানম্যাৰত প্ৰশিক্ষিত স্বয়ম্ভু ছেকেণ্ড লেফটেনেণ্ট লংকেশ্বৰ কোচ ওৰফে লম্বুক আটক কৰাৰ লগতে আন ছগৰাকী প্ৰশিক্ষিত সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।

এক বিশেষ সূত্ৰ পম খেদি চক্ৰশীলা অভায়াৰণ্যৰ ঘন জংঘলত বৈঠক অনুষ্ঠিত কৰিবলৈ এটা কেএলঅ'ৰ দল আহিব বুলি তথ্য লাভ কৰিয়ে সেনা আৰক্ষীৰ দলে চোপ পাতি লৈ দুজন সদস্যক প্ৰথমে আটক কৰে আৰু পৰবৰ্তী পৰ্যায়ত আন সদস্যসকল অস্ত্ৰসহিতে আটক কৰা হয় বুলি কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে সংবাদমেলত সদৰি কৰে। আৰক্ষী বিষয়াগৰাকীৰ মতে এনডিএফবিয়ে অস্ত্ৰ সম্বৰণৰ পিছতে কেএলঅ' য়ে নিজৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ প্ৰচেষ্ঠা কৰিছিল।

তেনে এক প্ৰচেষ্ঠাৰ অংশস্বৰূপে চক্ৰশীলা অভায়াৰণ্যৰ ঘন জংঘলত বৈঠক অনুষ্ঠিত কৰিবলৈ আহোতেই আটক হয় ম্যানমাৰ , বাংলাদেশ আৰু স্থানীয়ভাৱে প্ৰশিক্ষিত কেএলঅ'ৰ সদস্য ক্ৰমে সুজিত বৰ্মন, সঞ্জিত বৰ্মন, মমীন ৰায়, বিপ্লৱ বৰ্মন, পঞ্চানন ৰায় আৰু গৌতম ৰায়। আটকাধীন কেএলঅ'ৰ সদস্যসকলক সম্প্ৰতি অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা চলাই থকা হৈছে বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in