শেহতীয়া খবৰ
কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল  •  কোৰোনাৰ সমান্তৰলাকৈ ৰাজ্যত বানৰ বিভিষীকা...  •  বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...

কোকৰাঝাৰত গ্ৰেপ্তাৰ ২ উগ্ৰপন্থী, জব্দ ৩টা বন্দুক, ৬৪২ জাঁই গুলী, দুটা মেগজিন

244

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ন আৰু ২১০ নং কোব্ৰা বাহিনীয়ে যৌথ অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ লুংচুঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুটা উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুটাক লুংচুঙ এলেকাৰ পুদান মুৰ্মু(৪৫) আৰু বাজুন মুৰ্মু(২৪)বুলি আৰক্ষীয়ে সদৰি কৰিছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰৰ নিশাৰে পৰা ভাৰত-ভূটান সীমান্তবৰ্তী লুংচুঙ এলেকাত চলোৱা অভিযানৰ ফলত শনিবাৰে পুৱা দুটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিন্মাৰ পৰা দুটা একে চিৰিজৰ ৰাইফল, দুটা মেগজিন, এটা বন্দুক, ৫ জাঁই একে চিৰিজৰ গুলী, পইণ্ট ৩০ এম ১ আগ্নেয়াস্ত্ৰৰ ৬৩৭ জাঁই গুলী জব্দ কৰা হৈছে। অধিক তথ্যৰ সন্ধানত সম্প্ৰতি আৰক্ষীয়ে উগ্ৰপন্থী দুটাক জেৰা অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি