কোকৰাঝাৰত অঘটন, দীপাৱলীৰ দিনাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ২ যুৱক

কোকৰাঝাৰত অঘটন, দীপাৱলীৰ দিনাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ২ যুৱক

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উছাহৰ মাজতেই  কোকৰাঝাৰত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। মূলত বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ দুই যুৱকৰ কৰুণ মৃত্যু হোৱাত জিলাখনত ব্যাপক চাঞ্চল্য আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱক দুজন হ'ল ক্ৰমে সৌমখৌৰ বসুমতাৰী(২৫) আৰু ৰাজু বসুমতাৰী(২০)।

উল্লেখ্য যে, স্বাধীনতাৰ ৭০ টা বছৰ পিছতো বিদ্যুতৰ পোহৰ নেদেখা শামুকাগুৰি গাঁওত মঙলবাৰৰ পৰা বিদ্যুতৰ পোহৰেৰে উদ্ভাসিত হৈ উঠাৰ কথা আছিল । নতুনকৈ খুঁটা পুতি বিদ্যুতৰ প্ৰাথমিক কামখিনি প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে সন্ধিয়া ৬:০০ মান বজাত বিদ্যুত সংযোগ কৰিবলৈ দুই শ্ৰমিক ক্ৰমে সৌমখৌৰ বসুমতাৰী(২৫) আৰু ৰাজু বসুমতাৰী(২০) বিদ্যুতৰ খুঁটাত উঠে।

প্ৰাপ্ত বাতৰি অনুসৰি শ্ৰমিকদ্বয়ে বিদ্যুতৰ খূটাত উঠাৰ পূৰ্বে ঠিকাদাৰ সমৰ বসুমতাৰীৰ পৰা বিদ্যুৎ সংযোগ কৰ্তন কৰা সন্দৰ্ভত নিশ্চিত হৈ লয়। বিদ্যুত সংযোগ কৰ্তনৰ নিশ্চিত তথ্য লাভ কৰি শ্ৰমিকদ্বয়ে খূটাত উঠি গাঁওত নতুনকৈ বিদ্যুৎ সংযোগ দিবলৈ লওঁতেই বিদ্যুৎ সৰবৰাহ হয় আৰু থিতাতে মৃত্যুমুখত পৰে।

উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠে আৰু ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে । বিদ্যুত বিভাগৰ কোনো লোক এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু ন্যায় নোপোৱালৈকে গাওঁৱাসীয়ে মৃতদেহ চমজি নলয় বুলি স্পষ্ট কৰি দিছে। দীপাৱলীৰ দিনাই বিদ্যুত বিভাগৰ গাফিলতিৰ পৰিণতিতে দুই যুৱকৰ মৃত্যু হোৱাত সম্প্ৰতি গাঁওখনত দীপাৱলীৰ আনন্দ উছাহ সম্পূৰ্ণৰূপে ম্লান হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in