নতুন প্ৰজন্মই ডাইনী প্ৰথা আদৰি নলয়ঃ কোকৰাঝাৰত অন্ধবিশ্বাসৰ সন্দৰ্ভত সজাগতা সভা প্ৰশাসনৰ…

নতুন প্ৰজন্মই ডাইনী প্ৰথা আদৰি নলয়ঃ কোকৰাঝাৰত অন্ধবিশ্বাসৰ সন্দৰ্ভত সজাগতা সভা প্ৰশাসনৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ জোৰনাগ্ৰা গাঁওৰ ডাইনী কাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ পিছত দেওবাৰে জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয় । জোৰনাগ্ৰা প্ৰথমখণ্ড গাঁওৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনী সন্দেহত গাঁও ত্যাগৰ নিৰ্দেশ দিয়াত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে চৰকাৰী গাঁওবুঢ়াকে ধৰি ছজনকৈ লোকক আটক কৰাৰ পিছত দেওবাৰে জোৰনাগ্ৰা গাঁওত ডাইনী সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতা সভাত গাঁওৰ বহুসংখ্যক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে ।

কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে অনুষ্ঠিত কৰা উক্ত সজাগতা সভাত কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন , কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া ৰজী ৰাণী শৰ্মা , আবৌফ আৰু চি ডব্লিউ চিৰ একাংশ সদস্য উপস্থিত থাকি ডাইনী প্ৰথা যে মাথো অন্ধবিশ্বাস আৰু কুসংস্কাৰ সেয়া ৰাইজক বুজাই দিয়াৰ লগতে আইনী দিশ সম্পৰ্কেও বাখ্যা কৰে ।

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰা জোৰনাগ্ৰা প্ৰথমখণ্ড গাঁওৰ ক্লাৱত আজি অনুষ্ঠিত হোৱা সজাগতা সভাত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মাই একবিংশ শতিকাতো ডাইনীৰ দৰে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত নিমজ্জিত হৈ থকাটো চৰম দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰি কাৰোবাক ডাইনী বুলি সন্দেহ কৰাটোও আইনগতভাৱে অপৰাধ বুলি মন্তব্য কৰে । নৱ প্ৰজন্মই ডাইনীৰ দৰে অন্ধবিশ্বাস , কুপ্ৰথা কাহানিও আঁকোৱালী নলয় বুলি মন্তব্যৰে ৰজী ৰাণী শৰ্মাই ডাইনীৰ দৰে অন্ধবিশ্বাসক আজিয়েই মনৰ পৰা বাহিৰ কৰি দিবলৈ আহ্বান জনায় ।

ইপিনে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মনে সজাগতা সভাই ৰাইজৰ মাজত মিলাপ্ৰীতি গঢ়াত সহায়ক হৈছে বুলি উল্লেখ কৰি প্ৰশাসনে জোৰণাগ্ৰা গাওঁৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখিব বুলি সদৰি কৰে । তদুপৰি আইনে নিজৰ পথ লবই যদিও মিলাপ্ৰীতিৰ বান্ধোন অটুট ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

আনহাতে ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনী সন্দেহত যি গাঁও ত্যাগৰ নিৰ্দেশ দিছিল সেয়া গাঁওৱাসীয়ে আজি প্ৰত্যাহাৰ কৰে আৰু আজিৰে পৰাই ভদ্ৰেশ্বৰ ৰাভাক আঁকোৱালি লোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ জোৰনাগ্ৰা গাঁওৰ ভদ্ৰেশ্বৰ ৰাভাক গাঁওৱাসীয়ে ডাইনী সজাই এসপ্তাহৰ ভিতৰত গাঁও এৰাৰ নিৰ্দেশ দিয়াৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল । জংঘলত পূজা কৰা বুলি মিছা অপবাদ দি ভদ্ৰেশ্বৰ ৰাভাক গাঁওত্যাগ কৰাৰ নিৰ্দেশনা দিয়াত উপায়হীনতাত পৰি তেওঁ গাঁওত্যাগ কৰাৰ প্ৰস্তুতি হিচাপে সম্পত্তি পৰ্যন্ত বিক্ৰী কৰা আৰম্ভ কৰিছিল ।

কোকৰাঝাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হৈ ভদ্ৰেশ্বৰ ৰাভাক ডাইনী আখ্যা দিয়া কাৰ্যৰ সতে জড়িত ছয় গৰাকী ব্যাক্তি ক্ৰমে কৰাম ৰাভৰ(৫৫),কেৰেং ৰাভা(৪০),লংগা ৰাভা(২৮),নিতাই ৰাভা(৪০),সমেশ্বৰ ৰাভা(৬০)আৰু পুৰন্দৰ ৰাভা(৬৫)ক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ লক্ষণীয়ভাৱে আটকাধীন সমেশ্বৰ ৰাভা চৰকাৰী গাওঁবুঢ়া হোৱাৰ বিপৰীতে পুৰন্দৰ ৰাভা ভিডিপিৰ সম্পাদক আৰু তেওঁলোকেই ডাইনী কাণ্ড ঘটনাৰে সতে জড়িত বুলি প্ৰকাশ পোৱাৰ পিছত আন এক চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ইউ/এছ-৪১(১)(২)/৭/৯(২)/১০/১১ ধাৰাৰ অধীনত ৰজু হোৱা গোচৰ (নং ৩৮২/২০১৯)ৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । এহাতে আইনী প্ৰক্ৰিয়া আৰু আনহাতে প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাই জোৰনাগ্ৰা গাঁওৰ একাংশ ব্যাক্তিৰ মনৰ মাজৰ পৰা অন্ধবিশ্বাস কেনেদৰে আতৰাব পাৰে সেয়া লক্ষণীয় হব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in