কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ

কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো জনগোষ্ঠীৰ মহাপুৰুষ আখ্যা লাভ কৰা গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ জন্মশতবাৰ্ষিকী উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে সাহিত্য অকাডেমী আৰু বড়ো সাহিত্য সভাৰ যৌথ উদ্যোগত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জীৱনলেখ্যৰ ওপৰত  আজিৰে পৰা হোৱা আলোচনা চক্ৰখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি গোপীনাথ বৰগয়াৰীয়ে ৷

সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই পৰিচালনা কৰা উদ্বোধনী আলোচনা চক্ৰখনত প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি ড. কামেশ্বৰ ব্ৰহ্ম,সাহিত্য অকাডেমী পূৰ্বোত্তৰ ক্ষেত্ৰীয় সম্পাদক দেৱেন্দ্ৰ কুমাৰ দেভেশ, বড়ো সাহিত্য সভাৰ সম্পাদক নীলিম বসুমতাৰী আৰু সাহিত্য অকাডেমীৰ বড়ো উপদেষ্টা সমিতিৰ সদস্য অজিত বড়ো উপস্থিত আছিল ৷ প্ৰকাশ যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মশতবাৰ্ষিকী উপলক্ষে কালীচৰণ ব্ৰহ্ম ন্যাসে দ্বিতীয় বাৰৰ বাবে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ২০১৯ বটাৰে বিভূষিত কৰে বিশিষ্ট লেখক তথা সাহিত্য অকাডেমী বটাপ্ৰাপ্ত বিদ্যাসাগৰ নাৰ্জাৰীক ৷ ন্যাসে  আনুষ্ঠানিকভাৱে উক্ত বটাৰ লগতে নগদ পঞ্চাশ হেজাৰ টকা প্ৰশস্তি পত্ৰ, এড়ী কোট,  ছেলেং চাদৰে সম্বৰ্ধনা জনায় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in