কোকৰাঝাৰত অন্ধবিশ্বাস-ডাইনীৰ বিৰুদ্ধে জনজাগৰণ সভা

কোকৰাঝাৰত অন্ধবিশ্বাস-ডাইনীৰ বিৰুদ্ধে জনজাগৰণ সভা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম আৰক্ষীৰৰ প্ৰজেক্ট 'প্ৰহৰী'ৰ সৌজন্যত আৰু মিছন বীৰুবালাৰ সহযোগত আজি কোকৰাঝাৰত অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে জনজাগৰণ সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ জিলাৰ আদিবাসী অধ্যুষিত এলেকাৰ দোবৰাগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত স্বয়ং বীৰুবালা ৰাভা উপস্থিত থাকে ।

ডাইনী বিশ্বাসৰ দৰে কুসংস্কাৰ ঘটনাৰ বলি হৈ কোকৰাঝাৰত বিগত ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৬১জনকৈ লোক নিহত হোৱাৰ ভয়াৱহ ঘটনাৰ অন্তত কোকৰাঝাৰৰ অত্যন্ত ভিতৰুৱা অঞ্চলত অসম আৰক্ষীৰ প্ৰজেক্ট প্ৰহৰীৰ সৌজন্যত বীৰবালা ৰাভা উপস্থিত হৈ জনসাধাৰণক ডাইনী, অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা আনিবলৈ কৰা প্ৰচেষ্ঠাক সকলোৱে একমুখে শলাগিছে।

কোকৰাঝাৰ জিলাৰ দোবৰাগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আজি অন্ধবিশ্বাস ,কুসংস্কাৰৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা জনজাগৰণ সভাত বীৰুবালা ৰাভাই নিজ ভাষণ প্ৰসংগত স্বাস্থ্য আৰু চিকিৎসাৰ উন্নয়ন অবিহনে জনসাধাৰণক অন্ধবিশ্বাস , কুসংস্কাৰৰ পৰা মুক্ত কৰা কঠিন কাৰ্য বুলি উল্লেখ কৰে ।

ডাইনী, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা জনজাগৰণ সভাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ উপস্থিত থাকি নিজ ভাষণ প্ৰসংগত একমাত্ৰ শিক্ষাই হে ডাইনী বিশ্বাসৰ দৰে অন্ধবিশ্বাস , কুসংস্কাৰ দুৰ কৰিব পাৰে বুলি মন্তব্য কৰে । আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে  ভিতৰুৱা অঞ্চলত চিকিৎসক নথকাৰ বাবেই ৰোগীসকল বেজ ,কবিৰাজৰ শৰণাপন্ন হয় আৰু শেষত বেজ -ওজা-কবিৰাজে বেমাৰ ভাল কৰিব নোৱাৰি ডাইনীৰ ৰূপ দিয়ে ।

উল্লেখ্যে যে কোকৰাঝাৰত প্ৰায় প্ৰতি বছৰে ডাইনী সংক্ৰান্তীয় ঘটনা সংঘটিত হৈ আহিছে আৰু মিছন বীৰাবালাই সদৰী কৰা মতে ২০০১ চনৰ পৰা বৰ্তমানলৈকে কোকৰাঝাৰত ডাইনী সম্পৰ্কীয় ৫৬ টা গোচৰ ৰজু হৈছে । উক্ত ডাইনী সম্পৰ্কীয় ঘটনা সমুহত ১৮ গৰাকী পুৰুষ আৰু ৪৩ গৰাকী মহিলা অৰ্থাৎ সৰ্বমুঠ ৬১ গৰাকী দূৰ্ভগীয়াই অকাল মৃত্যুক সাৱটি লৈছে আৰু আন ১২ গৰাকী লোক আহত হৈছে । কোকৰাঝাৰত ৰজু হোৱা ৫৬ টা গোচৰৰ বিপৰীতে আৰক্ষীয়ে ১১৫ গৰাকী লোকক আটক কৰিছে বুলিও মন্তব্য কৰিছে মিছন বীৰবালাই ।

মিছন বীৰুবালাই সদৰি কৰা মতে ৰাজ্যত ২০২টা ডাইনী সম্পৰ্কীয় গোচৰ ৰজু হৈছে যত ১৯৩ গৰাকী ব্যাক্তিয়ে প্ৰাণ হেৰুওৱাৰ লগতে আন ১০৫ গৰাকী ব্যাক্তি আহত হৈছে। ৰজু হোৱা গোচৰৰ বিপৰীতে আৰক্ষীয়ে সৰ্বমুঠ ৯৩১ গৰাকী ব্যাক্তিক আটক কৰা বুলিও সদৰি কৰে মিছন বীৰুবালাই । আজিৰ জনজাগৰণ সভাতে অন্ধবিশ্বাস , কুসংস্কাৰৰ বিৰুদ্ধে এক বাটৰ নাট মঞ্চস্থ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in