কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ…

কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ কেবাগৰাকী আৱাসীয়ে কৰ'নাত আক্ৰান্ত হোৱাৰ সময়তে কোৱাৰেইণ্টাইন চেণ্টাৰটোৰ অস্বাস্থ্যকৰ পৰিৱেশে জনজীৱনলৈ ভাৱুকি কঢ়িয়াই আনিছে ।

কোৱাৰেণ্টাইন চেণ্টাৰৰ সমুহ আৱজৰ্নাসমুহ আইন মহাবিদ্যালয়ৰ চৌহদৰে য'তে ত'তে পেলোৱাত জনস্বাস্থ্যৰ প্ৰতি ভাৱুকিৰ সৃষ্টি হৈছে । তদুপৰি কোৱাৰেণ্টাইন চেণ্টাৰটোত চৌহদৰ বেৰ নথকাত সম্প্ৰতি গৰু -কুকুৰৰ খাদ্য হৈছে কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীসমুহ ।

উৎকট গোন্ধৰ পৰিণতিতে নাকত সোপা দিব লগীয়া অৱস্থাৰ সৃষ্টি হোৱা আইন মহাবিদ্যালয়ৰ সমীপৱৰ্তী বাসিন্দাসকলে তথা উক্ত স্থানত কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰীয়ে কোৱাৰেণ্টাইন চেণ্টাৰৰ আৱৰ্জনাসমুহ কোৱাৰেইণ্টাইন চেণ্টাৰৰ য'তে ত'তে নেপেলাবলৈ আহ্বান জনাইছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in