ৰাজ্যত পুনৰ সক্ৰিয় এনডিএফবি (এচ)! অস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ নতুন সদস্য…

ৰাজ্যত পুনৰ সক্ৰিয় এনডিএফবি (এচ)! অস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ নতুন সদস্য…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত পুণৰ সক্ৰিয় হৈ পৰিছে এনডিএফবি(এচ)গোট ।এনডিএফবি(এচ)গোটে নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ কৰাৰ সময়তে মঙলবাৰে মাজনিশা নিৰাপত্তাৰক্ষীয়ে তিনিগৰাকী এনডিএফবি(এচ) গোটৰ নতুন সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি মঙলবাৰে নিশা কচুগাঁও আৰক্ষী , সেনাৰ ১২ নং শিখলাই ৰেজিমেণ্ট আৰু ২১০ নং কোব্ৰা বাহিনীয়ে ভাৰত -ভূটান সীমান্তৱৰ্তী ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাম্বা এলেকাত যৌথ অভিযান চলাই এনডিএফবি(এচ)ৰ তিনিজন নতুন সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে আন এটা এনডিএফবি (এচ) সদস্য আন্ধাৰৰ সুযোগ লৈ পলাই সাৰিবলৈ সক্ষম হয় । নিৰাপত্তাৰক্ষীৰ হাতত গ্ৰেপ্তাৰবৰণ কৰা তিনি এনডিএফবি (এচ) সদস্য হ'ল ক্ৰমে কোকৰাঝাৰ জিলাৰ বিশমুৰী আৰক্ষী চকীৰ অন্তৰ্গত কাঠালগুৰী গাঁওৰ প্ৰয়াত জোনাব মুছাহাৰীৰ পুত্ৰদ্বয় মনজিৎ মুছাহাৰী (৩৮) আৰু গোলাপ মুছাহাৰী(২৭) আৰু মুখীৰাম নাৰ্জাৰীৰ পুত্ৰ বীৰছৌন নাৰ্জাৰী (১৯) ।

আটকাধীন সদস্য তিনিজনৰ পৰা এটা ৭.৬৫ এমএম পিষ্টল , ৬ টা মেগজিন , ৬ জাঁই গুলী , ৪০ কেজি চাউল , তিৰ্পাল , এখন দা জব্দ কৰা হৈছে বুলি সদৰি কৰি আৰক্ষী অধীক্ষক ৰাজেন সিঙে তেওঁলোক এনডিএফবি(এচ)ৰ বাথা গ্ৰুপত যোগদান কৰিবলৈ গৈ আছিল বুলি মন্তব্য কৰিছে । অধিক তথ্যৰ সন্ধানত সম্প্ৰতি জেৰা অব্যাহত আছে বুলিও সদৰি কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in