কুকাৰপাৰত কুকাৰপাৰ প্ৰিমিয়াৰ লীগ আৰম্ভ…

কুকাৰপাৰত কুকাৰপাৰ প্ৰিমিয়াৰ লীগ আৰম্ভ…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ কুকাৰপাৰত শনিবাৰৰ পৰা আই পি এলৰ আৰ্হিত অনুষ্ঠিত হৈছে কুকাৰপাৰ প্ৰিমিয়াৰ লীগ(কেপিএল) ক্ৰিকেট খেল প্ৰতিযোগিতা। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী চানমহম্মদ আলী আৰু ফুলাল কাজীয়ে। প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ট্ৰফীসহ নগদ ১৫ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফীসহ নগদ ১০ হাজাৰ টকা।

শনিবাৰে দুখন খেল অনুষ্ঠিত হয়। প্ৰথম খেলখনত ফাইটিং ফেলকনচে মাৰ্চ ঈগলক ২৩ ৰানত পৰাস্ত কৰে আৰু দ্বিতীয় খেলখনত ৰাইজিং ষ্টাৰে এচ আৰ কে ৰাইডাৰ্চক ৫ উইকেটত পৰাস্ত কৰে । উল্লেখ্য যে, পাঁচটা দলৰ মাজত অনুষ্ঠিত হৈছে কুকাৰপাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাখন। প্ৰতিযোগিতা খনৰ চূড়ান্ত অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in