শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

ক’হিমাত অস্ত্ৰসহ এন এছ চি এন মুইভা গোটৰ ৫ শীৰ্ষ কেডাৰ গ্ৰেপ্তাৰ…

145

ডিজিটেল সংবাদ , ৱাখাঃ ক’হিমা আৰক্ষীয়ে সেনাৰ সৈতে আজি এক যুটীয়া অভিযান চলাই নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটৰ পাঁচজন শীৰ্ষ কেডাৰক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে । ক’হিমা আৰক্ষীয়ে জনোৱা মতে আজি এন এছ চি এনৰ দলটোৱে টছেমিনিউ অঞ্চলৰ পৰা পূৰ্বে দাবী কৰা কৰ সংগ্ৰহ কৰিবলৈ অহাৰ খবৰ লাভ কৰা পিছত আৰক্ষীয়ে – সেনাৰ সৈতে অভিযান চলায় ।

লগে লগে আৰক্ষীয়ে দলটোৱে অবৈধ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ধনদাবী কৰাৰ অভিযোগত বিদ্ৰোহী কেইজনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা এন এছ চি এনৰ শীৰ্ষ কেডাৰ কেইজন হ’ল কেপ্তেইন টেনয়েনছেঙ ছেব , ছাৰ্জেণ্ট মেজৰ ছমিঙগান চাঙ , ছমিৰিন টাংখুল , কেপ্তেইন বপাই কন্যাক আৰু মেজৰ নগাবাঙবুউ ৱিজুনমাই ।

তেওঁলোকৰ পৰা সেনা – আৰক্ষীয়ে ৮৪ খন ধনদাবী পত্ৰ , ২টা পইন্ট ৩২ পিষ্টল, ১০ ৰাউণ্ড সজীৱ গুলী , পাঁচটা মবাইল হেণ্ডচেট আৰু এখন এন এল- ০৩ ,১৭৬৯ নম্বৰ এখন মাৰুতি জিপচি জব্দ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে পাঁচজন কেডাৰৰ বিৰুদ্ধে টছেমিনিউ থানাত ০৮/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰি বিশদ তদন্ত আৰম্ভ কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি