কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ-পূৰ্ণ স্বায়ত্ত শাসন কৰাৰ দাবীৰে প্ৰাক্তন আক্ৰাছু সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল…

কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ-পূৰ্ণ স্বায়ত্ত শাসন কৰাৰ দাবীৰে প্ৰাক্তন আক্ৰাছু সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল…

ডিজিটেল সংবাদ, সৃজনগ্ৰাম: দেওবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত চিলাৰায় ভৱনত প্ৰাক্তন আক্ৰাছু সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বিমল কুমাৰ বৰ্মনে এখন সংবাদমেল আহ্বান কৰি কয়- কোচ ৰাজবংশী জনগোষ্ঠীটো বহুধা বিভক্ত আৰু এনে অৱস্থাৰ সুযোগ গ্ৰহণ কৰিয়েই প্ৰত্যেকখন গাদী দখলকাৰী চৰকাৰেই কোঁচ ৰাজবংশী জনগোষ্ঠীক ১৯৬৭ চনৰ পৰাই ন্যাৰ্য দাবী জনজাতিকৰণ আৰু জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সুনিশ্চিতকৰণৰ নামত আভুৱা ভৰি আহিছে। বিগত নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰতিষ্ঠা হৈয়েই কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ সময়তো সেয়া প্ৰতিশ্ৰুতি হৈয়ে থাকি গ'ল।

অতি শেহতীয়া ভাৱে হ'লেও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অবিভক্ত গোৱালপাৰা জিলাৰ বঙাইগাঁও আৰু ধুবুৰী জিলাক লৈ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ ঘোষণা আগবঢ়াইছে। অসম চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া 'কমতাপুৰ'ৰ দাবীত এটা পৰ্যায়ত হ'লেও ৰাজনৈতিক স্বীকৃতি প্ৰদান কৰা কাৰ্য্যক আদৰণি জনায়ো এই স্বায়ত্ত শাসিত পৰিষদৰ আওঁতাত অবিভক্ত গোৱালপাৰা জিলাৰ বি.টি.এ.ডিৰ চিৰাং, কোকৰাঝাৰ, আৰু গোৱালপাৰা জিলাৰ ৰাভা হাচঙৰ অন্তৰ্গত ৰাজবংশী অধ্যুষিত গাওঁসমূহকো ছেটেলাইত ব্যৱস্থা প্ৰৱৰ্তন কৰি হ'লেও অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনায়।

কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতিমৰ্মে তৎকালীনভাৱে জনগোষ্ঠীটোক জনজাতিকৰণৰ বাবে প্ৰাক্তন আক্ৰাছু সমন্ময়ৰক্ষী সমিতিয়ে দাবী জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in