ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…

ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…

ডিজিটেল ডেস্কঃ ১৯৫৬ চনৰ ২৪ এপিলত নাগপুৰত জন্ম হৈছিল বোবডেৰ। নাগপুৰৰে এছ এফ এছ কলেজৰ পৰা তেও বিএ পাছ কৰে। ১৯৭৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনৰে ১৩ ছেপ্তেম্বৰত অধিবক্তাৰ জীৱন আৰম্ভ কৰে তেঁও। নাগপুৰ আদালততে প্ৰাৰম্ভিক কাম-কাজ শিকে। ববডেৰ পিতৃ অৰবিন্দ শ্ৰীনিবাস ববডে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা আছিল। ভাতৃও এগৰাকী জ্যেষ্ঠ অধিবক্তা।

এনেকৈয়ে নিজৰ কৰ্মদক্ষতাৰে চিনাকি মুখ হৈ পৰে শৰদ অৰবিন্দ বোবডে। ২০০০ চনৰ ১৩ ছেপ্তেম্বৰত বম্বে হাইকৰ্টৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওক নিযু্ক্তি দিয়া হয়। ২০১২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনৰ ২৩ এপিলত অৱসৰ গ্ৰহণ কৰিব শৰদ অৰবিন্দ বোবডেই। উল্লেখযোগ্য যে অযোধ্যা বিবাদক লৈ গঠিত ৫জনীয়া বিচাৰপীঠৰ অন্যতম সদস্য আছিল ববডে।

শৰদ অৰবিন্দ বোবডেই ন্যায়াধীশ হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ইয়াৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে জড়িত ৰায় দান আছিল অতি গুৰুত্বপূৰ্ণ। মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত বোবজেৰ বাবে প্ৰত্যাহ্বান হব ভাৰতৰ ন্যায়ালয়ৰ সমূহত পেণ্ডিং হৈ থকা ৩.৫৩ কোটি টা গোচৰ। ইয়াৰে উচ্চতম ন্যায়ালয়তে স্থগিত হৈ আছে ৫৮,৬৬৯ টা গোচৰ।

ইয়াৰে আকৌ ৪০,৪০৯ টা গোচৰ হৈছে বিগত ৩০ বছৰে স্থগ্ত হৈ থকা গোচৰ। সমীক্ষানুসৰি এই বিষয়বোৰ আগন্তুক ৫ টা বছৰৰ ভিতৰত নিষ্পত্তিৰ বাবে প্ৰয়োজন হব ৮,৫২১ গৰাকী ন্যায়াধীশ। বৰ্তমানৰ অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈকে আমাৰ দেশত ৫,৫৩৫ গৰাকী ন্যায়াধীশৰ অভাৱ। ইফালে সমীক্ষাত দেখা গৈছে যে, উচ্চতম ন্যায়ালয়ত বৰ্তমান ৩১ গৰাকী ন্যায়াধীশ আছিল যদিও গোচৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ৮ জন ন্যায়াধীশৰ প্ৰয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in