‘কেব’ৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজভৱন যাত্ৰা…

‘কেব’ৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজভৱন যাত্ৰা…
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ আছে ৰাজ্য।
  • কেবৰ বিৰুদ্ধে শুকুৰবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন দল-সংগঠনে।
  • কেইবাহাজাৰ প্ৰতিবাদকাৰীয়ে হাতত প্লে' কাৰ্ড লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • উল্লেখযোগ্য যে, কোনো কাৰণতে 'কেব' মানি লোৱা নহয় বুলি ইতিমধ্যে অসমৰ লগতে উত্তৰ-পূবত প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয় দল-সংগঠনসমূহে।
  • খিলঞ্জীয়া ৰাইজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ অস্তিত্বক ধ্বংস কৰিবলৈ কেন্দ্ৰই 'কেব' জাপি দিয়াৰ বিৰুদ্ধে বাহিৰ কৰা এই প্ৰতিবাদী মিছিলত অংশ ল'লে হাজাৰ হাজাৰ লোকে।
  • গুৱাহাটী ক্লাৱৰ পৰা ৰাজভৱনলৈ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় 'ৰাজভৱনলৈ যাওঁ বলক' প্ৰতিবাদী কাৰ্যসূচী।
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়েও অংশ লৈছে প্ৰতিবাদত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in