আকৌ আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ঃ প্ৰতিবাদত উত্তাল হ’ব উত্তৰ-পূব, চানমাৰীত কৃষক মুক্তিৰ মানৱ শৃংখল…

আকৌ আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ঃ প্ৰতিবাদত উত্তাল হ’ব উত্তৰ-পূব, চানমাৰীত কৃষক মুক্তিৰ মানৱ শৃংখল…

ডিজিটেল সংবাদ, গুৱাহাটীঃ সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপনৰ যো জা চলাওতেই পুনৰ কেবৰ বিৰুদ্ধে উত্তাল ৰাজ্য। সমগ্ৰ উত্তৰ-পূবত নেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ লগতে বাঁও গণতান্ত্ৰিক মঞ্চ আৰু কেব বিৰোধী দল-সংগঠনৰ সভা-সমাৱেশ-ধৰ্ণা-সমদল-বিক্ষোঙেৰে আজি কেব বিৰোধী শ্ল'গানেৰে মুখৰিত আকাশ-বতাহ।

সোমবাৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে গুৱাহাটীৰ চানমাৰীত উলিয়ালে মানৱ-শৃংখল প্ৰতিবাদী কাৰ্যসূচী। শৃংখলাৱদ্ধভাৱে পথচাৰীৰ কোনো অসুবিধা নোহোৱাকৈ পথৰ কাষত কেব বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। লগতে সংগঠনটোৰ কাৰ্যকতা সকলে হাতে হাতে কেব বিৰোধী পোষ্টাৰ লৈ পথৰে অহাযোৱা কৰা সকলো লোককে কেবৰ ভয়াৱহতাৰ সম্পৰ্কে একোখনকৈ প্ৰচাৰ পত্ৰ প্ৰদান কৰে।

প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীয়ে কেব বাতিল হবই লাগিব, বিজেপি চৰকাৰ হায় হায়, আৰ এছ এছ হুচিয়াৰ, নৰেন্দ্ৰ মোডী হুচিয়াৰ আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ।

আনহাতে প্ৰতিবাদৰ আৰম্ভণিৰ পৰাই প্ৰতিবাদস্থলীত উপস্থিত থাকে চানমাৰী আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ লোক। কোনোধৰণৰ যানজটঁৰ যাতে সৃষ্টি নহয় তাৰবাবেও ব্যৱস্থা গ্ৰহণ কৰে যান-বাহন আৰক্ষীয়ে।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিটিক সাধাৰণ সম্পাদক ধৈৰ্য কোৱৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কক জনায় যে, প্ৰায় ১ চটা বছৰৰ পূৰ্বে অসমীয়া জাতিয়ে সন্মিলিতভাৱে যুঁজ দি জাতিধ্বংসী বিধেয়কখন পৰাজিত কৰিছিলহে মাথো।

কিন্তু বিজেপি-আৰ এছ এছৰ ভাৰত চৰকাৰে ভাৰতৰ সংবিধান বিৰোধী,গণতন্ত্ৰ বিৰোধী, সাম্প্ৰদায়িক আৰু অসম ধ্বংসকাৰী এই বিধেয়কখন ২০১৯ বৰ্ষৰ শীতকালীন অধিৱেশনত উত্থাপন আৰু গৃহীত কৰিব বুলি ঘোষণা কৰিছে। আমি যিকোন প্ৰকাৰে বিজেপি-আৰ এছ এছৰ এই কূটিল ষড়যন্ত্ৰক প্ৰতিহত কৰিব লাগিব।'

উল্লেখ্য যে, সোমবাৰে ছাত্ৰ সন্থাইও উজান বজাৰৰ ছহিদ ভৱনৰ পৰা ৰাজভৱনলৈ কেবৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰিব। কেৱল এয়াই নহয়, আছু আৰু উত্তৰ পূব ছাত্ৰ সন্থাই উত্তপ পূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজভৱনৰ সমীপত সাব্যস্ত কৰিব প্ৰতিবাদ। সমান্তৰালভাৱে ৮ টা ৰাজনৈতিক দলৰে গঠিত বাওঁ গণতান্ত্ৰিক মঞ্চই ৰাজ্যজুৰি ৰূপায়িত কৰিব প্ৰতিবাদী কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in